মৰিগাঁও, 21 অক্টোবৰ : দুৰ্গা পূজাৰ মহা সপ্তমী উপলক্ষে অন্যান্য প্ৰান্তৰ দৰে মৰিগাঁও চহৰৰ পূজা মণ্ডপে মণ্ডপে মহা আয়োজনেৰে চলিছে দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ পূজা-অৰ্চনা । পুৰোহিতৰ বেদবাক্য আৰু ঢাক-ঢোলৰ ছন্দত মুখৰিত হৈছে মৰিগাঁও চহৰৰ আকাশ-বতাহ । মহা সপ্তমী পূজাৰ লগত সংগতি ৰাখি মৰিগাঁৱৰ বিভিন্ন পূজাথলীত দেখা গৈছে ভক্ত-বৈষ্ণৱৰ ভিৰ ।
বিশেষকৈ মৰিগাঁও আঞ্চলিক পূজা সমিতিৰ উদ্যোগত তিনিটাকৈ হাতীৰ সৈতে উলিওৱা হয় বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা । অসমীয়া শংকৰী কলা-কৃষ্টিৰ পৰা আৰম্ভ কৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে । উক্ত সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে । শোভাযাত্ৰাৰ উদ্বোধনত জীৱন চন্দ্ৰ কোঁৱৰক সহযোগ কৰে মৰিগাঁও সাংবাদিক সন্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাই ।