ধিং, 7 এপ্ৰিল :মকৰাজালৰ দৰে ৰাজ্যৰ চুক-কোণ ছানি ধৰিছে নিষিদ্ধ ড্ৰাগছে ৷ বিশেষকৈ অধিকাংশ যুৱপ্ৰজন্মই ড্ৰাগছৰ কবলত পৰি অন্ধকাৰ ভৱিষ্যতৰ দিশে গতি কৰিছে ৷ পিছে আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ ফলত কিছু পৰিমাণে হ্ৰাস পাইছে ড্ৰাগছৰ ব্যৱসায় ৷ বুধবাৰে নিশা পুনৰ মৈৰাবাৰীত বুজন পৰিমাণৰ ড্ৰাগছৰ সৈতে আৰক্ষীৰ জালত পৰে এটা সৰবৰাহকাৰী(Drugs peddlers were arrested with drugs) ৷
নিশা প্ৰায় ১০ টা মান বজাত এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত মৰিগাঁও(Morigaon Police Station) আৰু মৈৰাবাৰী থানা(Moirabari Police Station)ৰ আৰক্ষীৰ এটা দলে গুণাইবড়ী গাঁৱৰ চাৰি নং ৱাৰ্ডৰ আইনুল হকৰ ঘৰত তালাচী চলায় ৷ আৰক্ষীয়ে এই ড্ৰাগছ বিৰোধী অভিযানত নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে ইব্ৰাহিম আলী নামৰ সৰবৰাহকাৰীটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷
আৰক্ষীৰ দলটোৱে লোকজনৰ পৰা ২৬ টা নিষিদ্ধ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, ৪৫ টা খালী কণ্টেইনাৰ, ৪ টাকৈ চিৰিঞ্জ, দুটা ম'বাইলৰ লগতে নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো গুণাইবড়ী গাঁৱৰ ৮ নং ৱাৰ্ডৰ আইনুল হকৰ পুত্ৰ বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে আটকাধীন ব্যক্তিজনৰ বিৰুদ্ধে এটি গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷