অসম

assam

ETV Bharat / state

জৰাজীৰ্ণ পথে দুৰ্ভোগ ভুগাইছে মৰিগাঁওবাসীক - পথ নিৰ্মাণৰ ক্ষেত্ৰত আসোঁৱাহ

মৰিগাঁৱত পথ নিৰ্মাণৰ ক্ষেত্ৰত আঁসোৱাহ থাকি যোৱাৰ বাবেই সামান্য এজাক বৰষুণতে বহু কেইটা ব্যস্ত অঞ্চলৰ পথ বুৰ যোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ জনপ্ৰতিনিধি কিম্বা বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই এনে হোৱাৰ অভিযোগ ৰাইজৰ ৷

জৰাজীৰ্ণ পথ
জৰাজীৰ্ণ পথ

By

Published : Oct 14, 2020, 2:15 PM IST

মৰিগাঁও, 14 অক্টোবৰ:মৰিগাঁও পৌৰসভাৰ ভিতৰুৱা 3নং,7নং আৰু 11নং ৱাৰ্ডৰ বাসিন্দাসকলৰ মাজত যাতায়াতৰ একমাত্ৰ পথ হৈছে শনিবৰীয়া বজাৰৰ পথ ৷ মৰিগাঁও-নগাঁও ৰাজ্যিক পথৰ পৰা মৰিমুছলমান গাঁৱলৈ যোৱা পথছোৱাতে আছে মৰিগাঁৱৰ একমাত্ৰ অসম ৰাজ্যিক পৰিবহণৰ টিকট কাউন্টাৰটোও ৷ মুঠতে বহু ব্যস্ত পথটো ৷ কিন্তু এজাক বৰষুণতে পানীৰে ভৰি পৰা পথটোৱে সম্প্ৰতি বহু অসুবিধাৰ সৃষ্টি কৰিছে স্থানীয় বাসিন্দাসকলৰ মাজত ৷

জৰাজীৰ্ণ পথে দুৰ্ভোগ ভুগাইছে মৰিগাঁওবাসীক

পথটো নিৰ্মাণৰ লগতে,পথটোৰ দুয়োকাষে নলা আৰু পদপথ নিৰ্মাণৰ ক্ষেত্ৰত আঁসোৱাহ থাকি যোৱাৰ বাবেই সামান্য এজাক বৰষুণেই পথটো বুৰাই পেলোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশই ৷ এজাক বৰষুণ দিলেই প্ৰায় 10ৰ পৰা 12 দিনলৈ পথটো পানীতেই বুৰি থাকে বুলিও জানিবলৈ দিয়ে স্থানীয় ৰাইজে ৷ জনপ্ৰতিনিধি কিম্বা বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই ৰাইজে দুৰ্ভোগ ভুগিবলীয়া হৈছে বুলি অভিযোগ উত্থাপন কৰিছে ৷

লগতে পঢ়ক:অসমৰ সীমাত থকা বনাঞ্চলত বেদখল মিজোৰ

ABOUT THE AUTHOR

...view details