মৰিগাঁও, 2 চেপ্তেম্বৰ: মৰিগাঁৱত অব্যাহত চাইবাৰ অপৰাধ ৷ এই বিষয়ে সংবাদ মাধ্যমযোগে উল্লেখ কৰে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাই ৷ আৰক্ষীৰ জালত পৰিল সংখ্যালঘু ছাত্ৰ সন্থাৰ প্ৰাক্তন ছাত্ৰ নেতা অভিযুক্ত ইমদাদুল হুছেইন ৷ আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, অভিযুক্ত ইমদাদুলৰ পত্নী ভূৰাগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী মনোৱাৰা ফৰাজী ৷ কিন্তু পঞ্চায়তখনৰ বিভিন্ন উন্নয়নমূলক কামৰ নামত অহা আঁচনিৰ টকা সোমাই অভিযুক্ত ইমদাদুলৰ একাউণ্টত ৷
মৰিগাঁও আৰক্ষীৰ জালত চাইবাৰ অপৰাধী - cyber crime
মৰিগাঁও আৰক্ষীৰ জালত পৰিল সংখ্যালঘু ছাত্ৰ সন্থাৰ প্ৰাক্তন ছাত্ৰ নেতা অভিযুক্ত ইমদাদুল হুছেইন ৷ ভিন্ন অপৰাধমূলক কাৰ্যৰ লগত অভিযুক্ত ইমদাদুল হুছেইন জড়িত থকাৰ অভিযোগ আৰক্ষীৰ ৷
কেৱল পঞ্চায়তৰ চৰকাৰী আঁচনিৰ ধন হৰলুকি কৰাই নহয় বহিঃৰাজ্য আৰু বহিঃৰাষ্ট্ৰৰ কেইবাখনো বেংক পাছবুক আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ সোচপোছত সমগ্ৰ ঘটনা সন্দৰ্ভে নিজ মুখে স্বীকাৰ কৰে অভিযুক্ত ইমদাদুল হুছেইনে ৷ ইফালে আৰক্ষীৰ চকুত ধূলি দিবলৈ অভিযুক্ত চাইবাৰ অপৰাধীজনে চিকিৎসকক মেনেজ কৰি COVID আক্ৰান্তৰ প্ৰমাণ পত্ৰ উলিয়ায় ৷ জিলাখনৰ মৈৰাবাৰী আৰক্ষী থানাত প্ৰবঞ্চক ইমদাদুলে আৰক্ষীৰ জালৰ পৰা ৰেহাই পোৱাৰ লক্ষ্যৰে মৈৰাবাৰীৰ স্থানীয় চিকিৎসক মেনেজ কৰিছিল বুলি সন্দেহ প্ৰকাশ কৰে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ তাৰ পাচতেই যাবতীয় অনুমতি লৈ মৰিগাঁও জিলা স্বাস্থ্য বিভাগে আঢ়ৈ ঘণ্টাৰ পাচত কৰা COVID পৰীক্ষাৰ ফলাফলত অভিযুক্ত জনৰ ফলাফল নিগেটিভ আহে ৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, অভিযুক্তজন দীৰ্ঘদিনৰ পৰাই নাৰী দেহ ব্যৱসায়ৰ লগতো জড়িত হৈ আছিল ৷
লগতে পঢ়ক:জলসিঞ্চন মন্ত্ৰীৰ গৃহ সমষ্টিতেই পানীৰ বাবে কৃষকৰ হাহাকাৰ