মৰিগাঁও,19 জুুন: মৰিগাঁৱৰ ভুৰবন্ধা ইউ বি আই বেংকৰ শাখাত মধ্যভোগী দালালৰ দৌৰাত্ম্য ৷ চৰকাৰৰ দূৰ্নীতিৰ শূন্যসহনশীলতা নীতিক ভৰিয়ে মোহাৰি অব্যাহত আছে দালালৰ শোষণ ৷ ঋণ অনুমোদনৰ নামত শতকৰা 6 টকা বিচাৰে বেংকৰ দালালে ৷ ঋণ দিয়াৰ নামত, পাছবুক খোলা ফ্ৰমৰ নামত সকলোতে লাগে মাথো উৎকোচ ৷ বেংকৰ পৰিচালকৰ বিৰুদ্ধেও উত্থাপিত হৈছে অভিযোগ ৷
মৰিগাঁৱৰ ভুৰবন্ধা ইউ বি আই বেংকত দালালৰ দৌৰাত্ম্যঃ উৎকোচ নিদিলে ঋণ নাপায় গ্ৰাহকে - BANK
ঋণ অনুমোদনৰ নামত শতকৰা 6 টকা বিচাৰে বেংকৰ দালালে ৷ ঋণ দিয়াৰ নামত, পাছবুক খোলা ফ্ৰমৰ নামত সকলোকে লাগে মাথো উৎকোচ ৷ বেংকৰ পৰিচালকৰ বিৰুদ্ধেও উত্থাপিত হৈছে অভিযোগ ৷
ঋণ লাভ কৰা এগৰাকী গ্ৰাহকে উত্থাপন কৰা অভিযোগ মতে ঋণ অনুমোদনৰ নামত শতকৰা 6 টকা বিচাৰে বেংকৰ দালালে । ইয়াৰ বিপৰীতে আকৌ ঋণ লোৱা ব্যক্তিৰ পৰাই কৌশলেৰে ধাৰলৈ বুলি লৈ সহজ-সৰল গ্ৰাহকৰ ওপৰত অব্যাহত ৰাখিছে শোষণ। তপন বনিক নামৰ এগৰাকী গ্ৰাহকে প্ৰকাশ কৰা অনুসৰি দহ লাখটকীয়া ঋণৰ নামত ষাঠি হাজাৰ টকাৰ উৎকোচ দিবলগীয়া হৈছে দালালক । গ্ৰাহকগৰাকীয়ে বেংকৰ পৰিচালকো এই কাণ্ডত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে ৷ তেওঁ প্ৰকাশ কৰা অনুসৰি, বেংকৰ পৰিচালকগৰাকীয়ে দালাল নহ'লে কোনো গ্ৰাহকৰ লগতে ঋণৰ বিষয়ে আলোচনা কৰিবলৈ মান্তি নহয় ৷
ইমানেই নহয়, গ্ৰাহকগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ঋণ দিয়াৰ নামত, পাছবুক খোলা ফ্ৰমৰ নামত সকলোতে লাগে মাথো উৎকোচ আৰু উৎকোচ । এইক্ষেত্ৰত হাৰুণ ৰছিদ নামৰ এজন দালালৰ নামো উল্লেখ কৰিছে অভিযোগকাৰী গ্ৰাহকে ৷