নিউজ ডেস্ক,8 ছেপ্তেম্বৰ: যোৰহাটত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিৰ প্ৰাক মুহুৰ্তত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । উল্লেখ্য যে, ফ’ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কাৰ্যত কৰা হেমাহি আৰু EIA 2020 বাতিলৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে জাতীয় কংগ্ৰেছৰ নেতাসকলে । যোৰহাটৰ অজন্তা বাইপাছত সাব্যস্ত কৰা এই প্ৰতিবাদত ৰাণা গোস্বামী, ৰূপজ্যোতি কুৰ্মী, আৰতী হাজৰিকা কছাৰীকে ধৰি বহুকেইগৰাকী কংগ্ৰেছ নেতা উপস্থিত থাকে ৷
মৰিগাঁও: অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহ্বানমৰ্মে জাগীৰোড ব্লক কংগ্ৰেছৰ উদ্যোগত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ ৷ কংগ্ৰেছী সাংসদ-বিধায়কে হাতে হাতে বেনাৰ-পোষ্টাৰ-ফেষ্টুন আদি প্ৰদৰ্শন কৰি চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে নগাঁও লোকসভাৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে ৷
ডিফু: সম্প্রতি জৰাজীর্ণ ৰূপ ধাৰণ কৰা ৰাজ্যৰ ৰাষ্ট্রীয় ঘাইপথসমূহ শীঘ্ৰে নির্মাণৰ দাবীত কার্বি আংলং জিলাৰ লাংছ’মেপী কংগ্রেছ সমিতিৰ উদ্যোগত হাওৰাঘাট তিনিআলিত 36নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধেৰে প্রতিবাদী কার্যসূচী পালন কৰে ৷ দুঘণ্টীয়া এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে দলটোৰ শতাধিক নেতা-কৰ্মীয়ে ৷