অসম

assam

ETV Bharat / state

মৰিগাঁৱত মহিলাৰ প্ৰশংসনীয় পদক্ষেপ, অংকীয়া ভাওনাৰ আয়োজন - ৰসৰাজৰ জন্মস্থান আঁহতগুৰি

মৰিগাঁৱত মহিলাসকলে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে ৷ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মতিথি উপলক্ষ্যে কপিলী পাৰৰ জন্মস্থান আঁহতগুৰিত মহিলাসকলে আয়োজন কৰিছে 'গয়াসুৰৰ স্বৰ্গযাত্ৰা' শীৰ্ষক অংকীয়া ভাওনা ৷

মৰিগাঁৱত মহিলাৰ অংকীয়া ভাওনা

By

Published : Sep 27, 2019, 12:06 PM IST

মৰিগাঁও, 27 ছেপ্টেম্বৰ: মৰিগাঁৱত মহিলাসকলে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে ৷ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মতিথি উপলক্ষে কপিলী পাৰৰ জন্মস্থান আঁহতগুৰিত মহিলাসকলে আয়োজন কৰিছে 'গয়াসুৰৰ স্বৰ্গযাত্ৰা' শীৰ্ষক অংকীয়া ভাওনা ৷ বচন,বিলাপ,ৰাগ, প্ৰয়াৰ আৰু মহিলাৰ মুক্তাৱলী-ছন্দাৱলীত মুখৰিত হৈ পৰিছে ৰসৰাজৰ জন্মস্থান আঁহতগুৰি ৷ স্থানীয় বিদ্যালয়ৰ বাকৰিত বিয়লি বেলা গায়ন-বায়ন আৰু খোল-তালৰ মাতত ৰজনজনাই উঠিছে আঁহতগুৰিৰ আকাশ ৷ গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ গায়ন-বায়ন,খোল-তালৰ চাপৰত মহিলাসকলে মাহযোৰা আখৰা চলাই আহিছে ৷

মহিলাৰ প্ৰশংসনীয় পদক্ষেপ, অংকীয়া ভাওনাৰ আয়োজন

14 অক্টোবৰ 'বুঢ়ীআইৰ সাধু'ৰ স্ৰষ্টাগৰাকীৰ জন্মতিথিৰ বাবে শাৰদীয় দূৰ্গোৎসৱৰ সময়ত মাহজোৰা প্ৰস্তুতিৰে মহিলাসকল ব্যস্ত হৈ পৰিছে ভাওনাৰ আখৰাত ।

মৰিগাঁৱত মহিলাৰ অংকীয়া ভাওনাৰ আয়োজন

ABOUT THE AUTHOR

...view details