মৰিগাঁও, 27 জানুৱাৰীঃদেওবাৰে মৰিগাঁৱত গীত মাত আৰু গ্ৰন্থ উন্মোচনৰে সামৰণি পৰিল তিনিদিনীয়া তিৱা মহোৎসৱ ৷ বিশ্ব দৰবাৰত তিৱা জনগোষ্ঠীক এটা পূৰ্ণাংগ তথা শক্তিশালী জাতি ৰূপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে মৰিগাঁও কামৰূপ জিলা সীমান্তৱৰ্তী টোপাতলী তিৱা সাংস্কৃতিক গৱেষণা কেন্দ্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য তিৱা মহোৎসৱ অনুষ্ঠিত কৰা হৈছিল ৷ 24 জানুৱাৰীৰ পৰা 26 জানুৱাৰীলৈ অনুষ্ঠিত হোৱা এই তিৱা মহোৎসৱৰ দেওবাৰে সামৰণি পৰে ৷
বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি পৰিল তিৱা মহোৎসৱৰ - টোপাতলী তিৱা সাংস্কৃতিক গৱেষণা কেন্দ্ৰ
তিৱা জনগোষ্ঠীক বিশ্ব দৰবাৰত পূৰ্ণাংগ তথা শক্তিশালী জাতি ৰূপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে 24 জানুৱাৰীৰ পৰা 26 জানুৱাৰীলৈকে সদৌ তিৱা ছাত্ৰ সন্থা কামৰূপ জিলা সমিতিৰ উদ্যোগত তিৱা মহোৎসৱত অনুষ্ঠিত কৰা হৈছিল ৷ মৰিগাঁও কামৰূপ জিলা সীমান্তৱৰ্তী টোপাতলী তিৱা সাংস্কৃতিক গৱেষণা কেন্দ্ৰত এই তিৱা মহোৎসৱ অনুষ্ঠিত কৰা হয় ৷
উল্লেখ্য যে এই তিৱা মহোৎসৱত উদ্ভাষিত হ'ল তিৱাসকলৰ অন্যতম উৎসৱ 'ছগ্ৰা মিছাৱা' মনোৰম সাংস্কৃতিক দৃশ্য৷ সদৌ তিৱা ছাত্ৰ সন্থা কামৰূপ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই সাংস্কৃতিক সমাহাৰত বিভিন্ন জনগোষ্ঠীয় খাদ্য সম্ভাৰে খাদ্যৰসিক সকলক আৰ্কষণ কৰে ৷ দেওবাৰৰ এই তিৱা মহোৎসৱত অংশলৈ তিৱা স্বায়ত্ব পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য পৱন মান্তাই স্বগোষ্ঠীয় ছাত্ৰ সংগঠনটোৰ উদ্যোগত তিৱাসকলক এটা শক্তিশালী জাতি হিচাপে বিশ্বত চিনাকি কৰি দিয়াৰ বাবে ধন্যবাদ জনাই৷ লগতে তেওঁ এই মহোৎসৱক জাতীয় অনুষ্ঠান ৰূপে তিৱা স্বায়ত্ব পৰিষদে স্বীকৃতি দিব বুলিও মন্তব্য কৰে৷ ইয়াৰোপৰিও এই মুকলি সভাতে উন্মোচন কৰা হয় এখন গ্ৰন্থ ৷ এই মহোৎসৱৰ মুকলি সভাত জনগোষ্ঠীটোৰ কেইবাজনো ৰাজনৈতিক নেতা তথা ছাত্ৰ নেতা উপস্থিত হৈ জনগোষ্ঠীটোৰ ভাষা সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে ল'বলগীয়া পদক্ষেপৰ বিষয়ে আলোচনা আগবঢ়ায়।
লগতে পঢ়ক - কোৰোণা ভাইৰাছ ৰোধৰ বাবে ভেকচিন প্ৰস্তুতি খৰটকীয়া কৰিছে চীনে