অসম

assam

ETV Bharat / state

মৰিগাঁৱত শক্তি বিভাগৰ কৰ্মচাৰীক ঘেৰাও ৰাইজৰ

24×7 নীতি অনুসৰি বিজুলী যোগান ধৰাৰ বিপৰীতে বিদ্যুতৰ লুকা-ভাকুত অতিষ্ঠ হৈ ভূৰাগাঁৱৰ বিদ্যুৎ মাচুল সংগ্ৰহৰ অস্থায়ী কাৰ্যালয় উত্তপ্ত কৰি তোলে স্থানীয় ৰাইজে । মঙলবাৰে মাত্ৰাধিক বিল আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ বিষয়ে স্থানীয় ৰাইজৰ সৈতে তৰ্ক-বিতৰ্কত লিপ্ত হয় মাচুল সংগ্ৰহকাৰী কৰ্মচাৰীকেইজন ।

By

Published : Jun 26, 2019, 6:46 AM IST

মৰিগাঁৱত শক্তি বিভাগৰ কৰ্মচাৰীক ঘেৰাও ৰাইজৰ

মৰিগাঁও,26 জুন: মৰিগাঁৱৰ ভূৰাগাঁৱত বিদ্যুৎ মাচুল সংগ্ৰহ কৰিবলৈ আহি গ্ৰাহকৰ ৰোষত শক্তি বিভাগৰ মাচুল সংগ্ৰহকাৰী কৰ্মচাৰী । আৰক্ষীৰ দ্বাৰা পৰিস্থিতি নিয়ন্ত্ৰণ ।

মৰিগাঁৱত শক্তি বিভাগৰ কৰ্মচাৰীক ঘেৰাও ৰাইজৰ

24×7 নীতি অনুসৰি বিজুলী যোগান ধৰাৰ বিপৰীতে বিদ্যুতৰ লুকা-ভাকুত অতিষ্ঠ হৈ ভূৰাগাঁৱৰ বিদ্যুৎ মাচুল সংগ্ৰহৰ অস্থায়ী কাৰ্যালয় উত্তপ্ত কৰি তোলে স্থানীয় ৰাইজে । মঙলবাৰে মাত্ৰাধিক বিল আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ বিষয়ে স্থানীয় ৰাইজৰ সৈতে তৰ্ক-বিতৰ্কত লিপ্ত হয় মাচুল সংগ্ৰহকাৰী কৰ্মচাৰীকেইজন । আনকি মাচুল সংগ্ৰহৰ সময়তো উক্ত অঞ্চলত বিদ্যুৎ নথকাত মহৰি, অভিযন্তা আহিব লাগিব বুলি কৰ্মচাৰী কেইজনক আবদ্ধ কৰি ৰাখে ৰাইজে । ইফালে পৰিস্থিতি বেয়াৰ ফালে গতি কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও লাহৰীঘাটৰ পৰা অভিযন্তা গৈ উত্তেজিত গ্ৰাহকক লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পাচতহে ভূৰাগাঁৱৰ বিদ্যুৎ মাচুল অস্থায়ী কাৰ্যালয়ৰ পৰা যাবলৈ দিয়ে কৰ্মচাৰীকেইজনক ।

ABOUT THE AUTHOR

...view details