অসম

assam

ETV Bharat / state

মৰিগাঁৱৰ নিজ চহৰীয়াত খহনীয়াৰ ভয়ংকৰ ৰূপ

ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ লগে লগে অনিশ্চিত ভৱিষ্যতৰ আশংকাত ভূগিছে মৰিগাঁৱৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত নিজ চহৰীয়া অঞ্চল ৷ কিয়নো ব্ৰহ্মপুত্ৰৰ কাষৰীয়া অঞ্চলটোত এতিয়াও অব্যাহত আছে খহনীয়া ৷ ইতিমধ্যে খহনীয়াত অঞ্চলটোৰ শতাধিক পৰিয়াল গৃহহীন হৈছে ৷

brahmaputra erosion in morigaon nij saharia
মৰিগাঁৱৰ নিজ চহৰীয়াত খহনীয়াৰ ভয়ংকৰ ৰূপ

By

Published : Jun 8, 2021, 1:17 PM IST

Updated : Jun 8, 2021, 10:29 PM IST

মৰিগাঁও,8 জুন:মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত নিজ চহৰীয়াত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ খহনীয়া । অঞ্চলটোৰ কেইবা ঠাইতো এতিয়া চপৰা চপৰে খহনীয়া হ'বলৈ আৰম্ভ কৰিছে ৷

স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো কাষৰীয়া গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে ৷ ১৯৬৯ চনৰ পৰা মৰিগাঁৱৰ উত্তৰ-পশ্চিম অঞ্চলত বিশেষকৈ লাহৰীঘাট আৰু ভূৰাগাঁও ৰাহজ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁও ইতিমধ্যে জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত ।

মৰিগাঁৱৰ নিজ চহৰীয়াত খহনীয়াৰ ভয়ংকৰ ৰূপ

শতাধিক পৰিয়াল খহনীয়াত গৃহহীন হোৱাৰ লগতে সা-সম্পত্তি হেৰুৱাইছে ৷ এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ অৱগত কৰা হৈছে যদিও আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ যাৰ ফলস্বৰূপে ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ ৰাইজে জীয়াতু ভূগিবলগীয়া হৈছে ৷

লগতে পঢ়ক: আনন্দ-অভিজিৎ : চৰ্চাত দুই আৰক্ষী অধীক্ষক

Last Updated : Jun 8, 2021, 10:29 PM IST

ABOUT THE AUTHOR

...view details