মৰিগাঁও, 23 মে': শেহতীয়াভাৱে ৰাজ্যত কৰ'ণাই ভয়াৱহ ৰূপ ধাৰণ কৰাতসোমবাৰে মৰিগাঁৱত অসম যুৱ পৰিষদৰ উদ্যোগত মৰিগাঁও চহৰৰ একাধিক ঠাইত চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰা হয় । মৰিগাঁও নগৰৰ বিভিন্ন ৱাৰ্ডৰ লগতে বিভিন্ন স্থান চেনিটাইজ কৰি সংগঠনটোৰ সদস্যসকলে সাধাৰণ লোকসকলক সজাগ হৈ থাকি স্বাস্থ্যৰ প্ৰতি যত্ন ল’বলৈ আহ্বান জনায় ৷
মৰিগাঁও চহৰত অসম যুৱ পৰিষদৰ চেনিটাইজেশ্যন - sanitizes
সোমবাৰে মৰিগাঁৱত অসম যুৱ পৰিষদৰ উদ্যোগত মৰিগাঁও চহৰৰ একাধিক ঠাইত চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰা হয়। বৰ্তমানলৈকে জিলাখনত 3985 গৰাকী লোক ক'ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে 13 জন লোকৰ মৃত্যু হোৱাত সাধাৰণ লোকসকলক সজাগ হৈ থাকি স্বাস্থ্যৰ প্ৰতিযত্ন হ'বলৈ আহ্বান জনায় সংগঠনটোৰ সদস্যসকলে ৷
মৰিগাঁও চহৰ চেনিটাইজ্যেচন কৰিলে অসম যুৱ পৰিষদে
বৰ্তমানলৈকে জিলাখনত 3985 গৰাকী লোক ক'ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে 13 জন লোকৰ মৃত্যু হৈছে ৷ সোমবাৰে ৰূপায়ন কৰা এই চেনিটাইজেশ্যন কাৰ্যসূচীত অসম যুৱ পৰিষদৰ সভাপতি জিতু বুঢ়াগোহাঁই, সাধাৰণ সম্পাদক ক্ৰমে গৌতম বৰা,পল কাশ্যপ,জিতু মণি দাস আৰু সুশান্ত বৰাকে ধৰি বহুকেইজন যুৱ নেতা উপস্থিত থাকে ৷
লগতে পঢ়ক:ব্লেক আৰু হোৱাইট ফাংগাছৰ পাছত এইবাৰ আহিছে ‘য়েল্ল’ ফাংগাছ’