মৰিগাঁও, ২৮ অক্টোবৰ :হিমাচল প্ৰদেশ বিলাসপুৰত অনুষ্ঠিত চিনিয়ৰ ৰাষ্ট্ৰীয় কেনয়িং আৰু কায়াকিং চেম্পিয়নশ্বিপত ২০২১ ত প্ৰথমবাৰৰ বাবে পদক লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ অসম পুৰুষ দলে ৷ অসম পুৰুষ দলে C2-Men-200 মিটাৰ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে ।
ৰাষ্ট্ৰীয় কেনয়িং আৰু কায়াকিং চেম্পিয়নশ্বিপত প্ৰথমবাৰলৈ পদক লাভ অসম দলৰ বিলাসপুৰত ২৪ অক্টোবৰ পৰা ২৭ অক্টোবৰৰলৈকে অনুষ্ঠিত হৈছিল প্ৰতিযোগিতাখন ৷ পদক লাভ কৰা প্ৰতিযোগী দুগৰাকী বিৰঞ্জন কোঁৱৰ আৰু গোলাপ ফাংচং । অসম দলৰ প্ৰশিক্ষক অনন্ত বৰঠাকুৰে খেলুৱৈ দুগৰাকীয়ে মৰিগাঁৱৰ চাৰণবিলত থকা কেনয়িং আৰু কায়াকিং প্ৰশিক্ষণ চেন্টাৰত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ৷
ৰাষ্ট্ৰীয় কেনয়িং আৰু কায়াকিং চেম্পিয়নশ্বিপত প্ৰথমবাৰলৈ পদক লাভ অসম দলৰ অনন্ত বৰঠাকুৰে পদক বিজয়ী খেলুৱৈ দুগৰাকীক অভিনন্দন জনায় ৷ ইফালে ১৩জনীয়া অসম কেনয়িং আৰু কায়াকিং দলটোৰ মাজতো এই খবৰে উৎসাহিত কৰাৰ কথা জানিবলৈ দিয়ে প্ৰশিক্ষক অনন্ত বৰঠাকুৰে ।
ৰাষ্ট্ৰীয় কেনয়িং আৰু কায়াকিং চেম্পিয়নশ্বিপত প্ৰথমবাৰলৈ পদক লাভ অসম দলৰ প্ৰশিক্ষকগৰাকীয়ে অসম দলৰ খেলুৱৈসকলে প্ৰশিক্ষণৰ প্ৰয়োজনীয় সজুলীৰ অবিহনে কঠোৰ অনুশীলন কৰি এই প্ৰতিযোগিতাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ’ল বুলি জানিবলৈ দিয়ে ৷ তেওঁ লগতে উপযুক্ত সা-সুবিধা পালে তেওঁলোকে ইয়াতকৈও অধিক ভাল ফল প্ৰদৰ্শন কৰিব পাৰিব বুলি সদৰি কৰে ।
লগতে পঢ়ক :ধ্যান চাঁদ খেলৰত্ন বঁটাৰ বাবে মনোনীত লাভলীনা বৰগোঁহাই