অসম

assam

ETV Bharat / state

গাহৰি আৰু ব্ৰয়লাৰ পালনৰ বিৰ্তক ভিত্তিহীনঃ বাবুল বৰা - শ্ৰীমন্ত শংকৰদেৱ সংঘ

গহপুৰৰ অখৰাখাট প্ৰাথমিকৰ সংগীজনক এঘৰীয়া কৰাতো প্ৰাথমিক তথা গাঁওখনৰ ওচৰ-চুবুৰীয়াৰ লগত জড়িত এটা সমস্যা, তাৰ বাবে জিলা শাখাক সেই বিষয় লৈ এক প্ৰতিবেদন যুগুতাবলৈ আহ্বান জনোৱা বুলি মন্তব্য কৰে সাংবাদিকৰ আগত । এই বিষয়ৰ প্ৰতিবেদন খন পোৱাৰ পিছতহে ইয়াৰ প্ৰকৃত সত্য ওলাই পৰিব বুলি মন্তব্য সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই ।

গাহৰি আৰু ব্ৰয়লাৰ পালনৰ বিৰ্তক ভিৰ্তিহীনঃ বাবুল বৰা

By

Published : May 18, 2019, 9:28 PM IST

মৰিগাঁও, ১৮ মেঃ গাহৰি পালনক লৈ ৰাজ্যজুৰি বিৰ্তক চলি থকাৰ সময়তে স্থিতি স্পষ্ট কৰিলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই। একাংশ গণমাধ্যমত প্ৰকাশিত বাতৰিক অতিৰঞ্জিত আখ্যা সম্পাদক বাবুল বৰাৰ।

গাহৰি আৰু ব্ৰয়লাৰ পালনৰ বিৰ্তক ভিৰ্তিহীনঃ বাবুল বৰা

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গহপুৰ জিলা শাখাৰ অন্তৰ্গত অখৰাখাট প্ৰাথমিকৰ এজন উদ্যোগীয়ে গাহৰি আৰু ব্ৰয়লাৰ পালনৰ ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। সংঘৰ কোনো সংগীক জুই-পানী এঘৰীয়া কৰা প্ৰস্তাৱ প্ৰাথমিক,আঞ্চলিককে ধৰি জিলা পৰ্যায়তো গ্ৰহণ কৰিব নোৱাৰে বুলি মন্তব্য বৰাৰ। এনে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ হলে মূলৰ লগত আলোচনাৰ ভিত্তিত গ্ৰহণ কৰা হয় বুলি মন্তব্য কৰে । লগতে কোনো সদস্যই যদি সংঘৰ সংবিধান অমান্য কৰি কাম কৰে তেনেহ'লে সদস্যৰ পৰা সংঘই কোনো অনুষ্ঠানত সহযোগ নকৰাৰ লগতে কোনো দান বৰঙণি সেইলোকজনৰ পৰা গ্ৰহণ নকৰে বুলি মন্তব্য সম্পাদকজনৰ । লগতে নিবনুৱা সকলৰ সুবিধাৰ্থে সংঘৰ থীৱ এন্দ ক্ৰেডিত কোঃ বেংকৰ জৰিয়তে নিবনুৱা সকলক ৫ কোটি টকাৰো অধিক ঋণ ইতিমধ্যে আগবঢ়াই অহা বুলি মন্তব্য কৰে। অখৰাখাট প্ৰাথমিকৰ সংগীজনক এঘৰীয়া কৰাতো প্ৰাথমিক তথা গাঁওখনৰ ওচৰ-চুবুৰীয়াৰ লগত জড়িত এটা সমস্যা, তাৰ বাবে জিলা শাখাক সেই বিষয় লৈ এক প্ৰতিবেদন যুগুতাবলৈ আহ্বান জনোৱা বুলি মন্তব্য কৰে সাংবাদিকৰ আগত । এই বিষয়ৰ প্ৰতিবেদনখন পোৱাৰ পিছতহে ইয়াৰ সত্য ৰহস্যটো ওলাই পৰিব বুলি মন্তব্য কৰে সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই ।

লগতে আন এটা বাতৰি - ভগৱান বুদ্ধৰ মানৱ প্ৰেমৰ বন্দনাৰে মুখৰিত বাক্সাৰ মুছলপুৰ

ABOUT THE AUTHOR

...view details