মৰিগাঁও, 14 আগষ্ট :মৰিগাঁৱৰ বিভিন্ন অঞ্চলত অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান ব্ৰজেন জিৎ সিংহৰ মতবিনিময় অনুষ্ঠান । আগবেলাভাগত মৰিগাঁও জিলাৰ মায়ং অঞ্চলৰ জ্যেষ্ঠ নাগৰিকৰ সৈতে সমাজত শান্তি শৃংঙ্খলাৰ পৰিস্থিতি বুজ লৈ সকলোৰে সৈতে সৌহাদ্যপূৰ্ণ এক আলোচনাত মিলিত হৈ সমাজৰ সকলো জাতি-ধৰ্ম-বৰ্ণ-নিৰ্বিশেষে শান্তি-সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া কৰি ৰখোৱাৰ আহ্বান সিংহৰ ।
লগতে পঢ়কঃস্বাধীনতা দিৱসৰ পূৰ্বে বজালীত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী
একদৰে মৰিগাঁও আৰক্ষী অধীক্ষক সভাগৃহতো ব্ৰজেন জিৎ সিংহই বিয়লি ভাগত জিলাখনৰ জ্যেষ্ঠ নাগৰিক,আগশাৰীৰ দল সংগঠন আৰু জ্যেষ্ঠ সাংবাদিকৰে সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে আলোচনা দাঙি ধৰে ।