অসম

assam

ETV Bharat / state

৬ মাহৰ ভিতৰত কাগজ কল কাৰ্যক্ষম কৰাৰ দাবী! - নগাওঁ কাগজ কল

ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি কৰ্মচাৰী সকলৰ বকেয়া ধন মুকলাই দিবলৈ কেন্দ্ৰীয় চৰকাৰক মুখ্য মন্ত্ৰীয়ে হেঁচা প্ৰয়োগ কৰিব লাগে বুলি মন্তব্য সুৰক্ষা মঞ্চৰ বিষয়ববীয়াৰ ।

৬ মাহৰ ভিতৰত কাগজ কল কাৰ্যক্ষম কৰাৰ দাবীঃ সুৰক্ষা মঞ্চ

By

Published : May 10, 2019, 11:44 PM IST

জাগীৰোড, ১০ মেঃ জাগীৰোড কাগজ কল সুৰক্ষা মঞ্চৰ সংবাদ মেল । ৬ মাহৰ ভিতৰত কাগজ কল কাৰ্যক্ষম কৰাৰ দাবী কাগজকল সুৰক্ষা মঞ্চৰ ।

৬ মাহৰ ভিতৰত কাগজ কল কাৰ্যক্ষম কৰাৰ দাবীঃ সুৰক্ষা মঞ্চ

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি নগাঁও,কাছাৰৰ কাগজ কল কেইটা বন্ধ হৈ থকাৰ পৰিপেক্ষিতত বহু কৰ্মচাৰীৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে । বহু কৰ্মচাৰীয়ে হাজিৰা কৰি পৰিয়ালক পোহ-পাল দিব লগা হৈছে । আনকি ছাত্ৰ-ছাত্ৰীৰ লাগতিয়াল কিতাপ-পত্ৰ যোগান ধৰিব পৰা নাছিল কাগজ কল কেইটাৰ কৰ্মচাৰীয়ে । বহু দল সংগঠনে কল কেইটা মুকলিৰ বাবে চৰকাৰৰ ওচৰত প্ৰতিবাদো কৰিলে কিন্তু কোনো পদক্ষেপ গ্ৰহণ নকৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে । আনকি মুখ্যমন্ত্ৰীয়ে দিল্লীত আইনী প্ৰক্ৰিয়াৰে কল দুটা পুনৰ কাৰ্যক্ষম কৰা হ'ব বুলি মত ব্যক্ত কৰিছিল যদিও সেয়া মিছা প্ৰতিশ্ৰুতি বুলি ক্ষুব্ধ হৈ পৰে কৰ্মচাৰীৰ লগতে কাগজ কল সুৰক্ষা মঞ্চ । লগতে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি কৰ্মচাৰী সকলৰ বকেয়া ধন মুকলাই দিবলৈ কেন্দ্ৰীয় চৰকাৰক মুখ্য মন্ত্ৰীয়ে হেঁচা প্ৰয়োগ কৰিব লাগে বুলি মত ব্যক্ত কৰে মঞ্চৰ বিষয়ববীয়াই ।

অধিক পঢ়িবলৈ-মাজুলীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ অধ্যক্ষৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details