অসম

assam

ETV Bharat / state

বিকল্প নাই জন্ম নিয়ন্ত্ৰণৰ! - আলোচনা সভা

মৰিগাঁও জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত মৰিগাঁও পবিতৰা হাটত বিশ্ব জনসংখ্যা দিৱসৰ সম্পৰ্কে আলোচনা সভা অনুষ্ঠিত হয় । এই আলোচনা সভাত কেইবাগৰাকী চিকিৎসক তথা সমাজ বিজ্ঞানী উপস্থিত থাকে ।

জন্ম নিয়ন্ত্ৰণৰ বিকল্প নাই ! ডাঃ ইলিয়াছ আলী

By

Published : Jul 12, 2019, 1:13 AM IST


মৰিগাঁও, 12 জুলাইঃ মৰিগাঁৱত জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে বিশ্ব জনসংখ্যা দিৱস সম্পৰ্কে আলোচনা সভা অনুষ্ঠিত কৰা হয় । সভাত জন্ম নিয়ন্ত্ৰণৰ বিকল্প নাই বুলি কলে পদ্মশ্ৰী ডাঃ ইলিয়াছ আলীয়ে ।

জন্ম নিয়ন্ত্ৰণৰ বিকল্প নাই ! ডাঃ ইলিয়াছ আলী

মৰিগাঁও জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত মৰিগাঁও পবিতৰা হাটত বিশ্বজনসংখ্যা দিৱসৰ সম্পৰ্কে আলোচনা সভা অনুষ্ঠিত হয় । এই আলোচনা সভাত কেইবাগৰাকী চিকিৎসক তথা সমাজ বিজ্ঞানী উপস্থিত থাকে । এই সভাখনত আতধৰে জিলা যুটীয়া সঞ্চালক বাহাৰুল চৌধুৰীয়ে । আদৰণি ভাষণ আগবঢ়ায় জিলা স্বাস্থ্য সঞ্চালক ডাঃ ৰোহিনী বৰকটকীয়ে । মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত ডাঃ তহদুৰ ৰহমান, অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ মবিদুৰ ৰহমান, প্ৰাক্তন জিলা সাংবাদিক সন্থাৰ সভাপতি বিৰিঞ্চ কুমাৰ শৰ্মাকে ধৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে । আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰে পদ্মশ্ৰী ডাঃ ইলিয়াছ আলীয়ে তাৰোপৰি ভাষণ প্ৰসংগত মানৱ সমাজৰ ভৱিষ্যত জনসংখ্যাৰোধৰ বিষয়ে কোৰান আৰু ভাগৱত শ্লোকৰ উদ্ধৃতিৰে ভাষণ প্ৰদান কৰে ।

লগতে আন এটা বাতৰি- নক্সালবাদ প্ৰতিৰোধৰ নতুন ষ্ট্ৰেটেজীঃ চুটি ছবি নিৰ্মাণ

ABOUT THE AUTHOR

...view details