অসম

assam

ETV Bharat / state

মৈৰাবাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন - মৰিগাঁও

ভোটাৰ ৰাইজক ভোটদানৰ বিষয়ে সজাগ আৰু সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে মৰিগাঁও জিলাৰ মৈৰাবাৰীত সোমবাৰে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়।

VOTERS DAY CELEBRATIONS AT DHING
মৈৰাবাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন

By

Published : Jan 25, 2021, 6:47 PM IST

ধিং,25 জানুৱাৰী: আজি ৰাষ্ট্ৰীয় ভোটদাতা দিৱস। ৰাষ্ট্ৰীয় ভোটদাতা দিৱস ভাৰতত প্ৰতি বছৰে ২৫ জানুৱাৰীত পালন কৰা হয়। সমগ্ৰ দেশৰ লগতে মৰিগাঁও জিলাৰ মৈৰাবাৰীত সোমবাৰে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়।

মৈৰাবাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন

মৰিগাঁও জিলাৰ ধিং সমষ্টিৰ অন্তৰ্গত মৈৰাবাৰীৰ অঞ্চলৰ ১৬০ ৰ পৰা ১৮১ নং ভোট কেন্দ্ৰৰ BLO সকলে মৈৰাবাৰী এম ই মাদ্ৰাছাৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰে। ভোটাৰ দিৱসত দিনটোৰ তাৎপৰ্য দাঙি ধৰে প্ৰধান শিক্ষক তথা B.L.O ৰ পৰ্যবেক্ষক হিবজুৰ ৰহমানে ।

এই ভোটাৰ দিৱসত অংশগ্ৰহণ কৰা নতুন ভোটাৰ সকলক প্ৰতীক, কলম আৰু ফুলেৰে আদৰণী জনোৱাৰ লগতে নিৰ্বাচনী আয়োগৰ শপত নামা পাঠ কৰোৱাই গৌতম দেবনাথে। ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত ন-পুৰণি ভোটাৰ উপস্থিত থকাৰ উপৰিও ছুপাৰ ভাইজৰ ক্ৰমে ৱাহিদুৰ ৰহমান, আমিনুল ইছলাম, মৈৰাবাৰী, হাতীমূৰীয়া, তাতিকটাৰ গাঁওবুঢ়া ক্ৰমে ৰুহুল আমিন, আবুল মালেক, আবুল কাচেম উপস্থিত থাকে ।

প্ৰতিগৰাকী ভোটাৰ ৰাইজে যাতে তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ সঠিকভাবে সাব্যস্ত কৰিব পাৰে, তাৰ বাবে সজাগ আৰু সচেতন হ'বলৈ ছুপাৰ ভাইজাৰ হিবজুৰ ৰহমানে আহ্বান জনায়।

লগতে পঢ়ক-ভাৰত-চীনৰ নৱমলানি আলোচনাৰ মাজতেই সীমান্তত পুনৰ সংঘাত

ABOUT THE AUTHOR

...view details