অসম

assam

ETV Bharat / state

মৰিগাঁৱত দলত যোগদানৰ বাবে ৰাইজক আহ্বান আম আদমী পাৰ্টীৰ

বিধানসভা নিৰ্বাচনৰ প্ৰাক ক্ষণত প্ৰচাৰ অভিযানত পিছ পৰি ৰোৱা নাই আম আদমী পাৰ্টী। মৰিগাঁৱত ভোটাৰক আকৃষ্ট কৰিবলৈ দলটোৰ অভিনৱ প্ৰয়াস। পথ সভাৰ আয়োজন কৰি দলত যোগদানৰ বাবে ৰাইজক আহ্বান নেতা-কৰ্মীৰ।

By

Published : Oct 26, 2020, 4:53 PM IST

মৰিগাঁৱত দলত যোগদানৰ বাবে ৰাইজক আহ্বান আম আদমী পাৰ্টীৰ
মৰিগাঁৱত দলত যোগদানৰ বাবে ৰাইজক আহ্বান আম আদমী পাৰ্টীৰ

মৰিগাঁও, ২৬ অক্টোবৰ: আন আন ৰাজনৈতিক দলৰ বিপৰীতে মৰিগাঁৱত আম আদমী পাৰ্টিয়ে পৃথক ধৰণেৰে চলাইছে প্ৰচাৰ অভিযান। পথ সভাৰ আয়োজন কৰি অৰবিন্দ কেজৰিৱাল নেতৃত্বতাধীন আম আদমী পাৰ্টিত চামিল হোৱাৰ বাবে ৰাইজক আহ্বান জনালে দলটোৰ নেতা-কৰ্মীয়ে।

মৰিগাঁৱত দলত যোগদানৰ বাবে ৰাইজক আহ্বান আম আদমী পাৰ্টীৰ

পাৰ্টীৰ বেনাৰত সন্নিৱিষ্ট হৈ থকা ফোন নম্বৰত মিছকল দি দলটোত যোগদানৰ বাবে ৰাইজক আহ্বান জনায়। মৰিগাঁৱত নতুনকৈ পোখা মেলা এই দলটোৱে জিলাখনৰ চৰাইবাহী,মিকিৰভেটা,বৰঙাবাৰীকে ধৰি বহুকেইটা অঞ্চলত পথ সভা আয়জন কৰি দলটোৰ নীতি আৰ্দশৰ বিষয়ে ৰাইঝৰ আগত বক্তব্য আগবঢ়ায়। লগতে দলটোত যোগদান কৰিবলৈ ৰাইজক আহ্বান জনায় জিলা মুখ্য সমন্বয়ক দীপাংকৰ ৰাজবংশী আৰু বিষয়ববীয়া সকলে।

মৰিগাঁৱত দলত যোগদানৰ বাবে ৰাইজক আহ্বান আম আদমী পাৰ্টীৰ

লগতে পঢ়ক:বিশ্বনাথৰ ওপৰ বাঘমৰাত হেৰ'ইন সহ আটক 4 সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details