অসম

assam

ETV Bharat / state

Naresh Biswas Passes Away : স্থাপত্য শিল্পী নৰেশ বিশ্বাসৰ পৰলোকপ্ৰাপ্তি - গুৱাহাটী বিশ্ববিদ্যালয়

আগশাৰীৰ স্থাপত্য শিল্পী নৰেশ বিশ্বাসৰ পৰলোকপ্ৰাপ্তি ৷ মৰিগাঁৱৰ মালপোতা গাঁৱৰ নিজ গৃহত শুকুৰবাৰে পুৱা ইহলীলা সম্বৰণ কৰে শিল্পীগৰাকীয়ে ৷

Artist Naresh Biswas Passes Away
আগশাৰীৰ স্থাপত্য শিল্পী নৰেশ বিশ্বাসৰ পৰলোকপ্ৰাপ্তি

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 8:33 PM IST

মৰিগাঁও, 6 অক্টোবৰ :ৰাজ্যৰ আগশাৰীৰ স্থাপত্য শিল্পী নৰেশ বিশ্বাসৰ পৰলোকপ্ৰাপ্তি ৷ শুকুৰবাৰে পুৱা দেহাৱসান ঘটে ৰাজ্যৰ বিশিষ্ট স্থাপত্য শিল্পী গৰাকীৰ ৷ মৰিগাঁৱৰ মালপোতা গাঁৱৰ নিজ গৃহত ইহলীলা সম্বৰণ কৰে শিল্পী গৰাকীয়ে ৷ মৃত্যুৰ সময়তে শিল্পী গৰাকী বয়স হৈছিল ৭৪ বছৰ ৷

সদ্য প্ৰয়াত প্ৰবীণ আৰু প্ৰচাৰ বিমুখ স্থাপত্য শিল্পী নৰেশ বিশ্বাসৰ স্থাপত্য শৈলীৰ নিদৰ্শন গুৱাহাটী বিশ্ববিদ্যালয়ৰ মূল তোৰণ ৷ এই গৰাকী স্থাপত্য শিল্পীৰ দুহাতৰ পৰশ কেৱল যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মূল তোৰণ বা গেটখনতে সীমাবদ্ধ আছিল তেনে নহয় ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত শিল্পী গৰাকীয়ে নিৰ্মাণ কৰিছিল বহুতো মঠ-মন্দিৰ, অনুষ্ঠান-প্ৰতিষ্ঠানৰ তোৰণ ৷ ইয়াৰ উপৰিও স্থাপত্য শিল্পী নৰেশ বিশ্বাসে ৰাজ্যখনৰ বহু ঐতিহ্যমণ্ডিত মঠ-মন্দিৰৰ তোৰণ নিৰ্মাণ কৰি বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা লাভ কৰিছিল বঁটা বাহন তথা সন্মান ৷

লগতে পঢ়ক :Protest in Guwahati : সংবাদ প্ৰতিষ্ঠানৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে মহানগৰীত প্ৰতিবাদ

শুকুৰবাৰে পুৱা দেহাৱসান ঘটা বিশিষ্ট শিল্পীজনে মৃত্যুৰ সময়ত পত্নী, পুত্ৰ-কন্যাক এৰি থৈ যায় ৷ তেখেতৰ মৃত্যুত মৰিগাঁৱত গভীৰ শোকৰ ছাঁ পৰিছে ৷ সদ্যপ্ৰয়াত বিশিষ্ট শিল্পীগৰাকীৰ বিয়োগৰ খবৰ বিয়পি পৰাৰ লগে লগে মৰিগাঁও জিলা প্ৰশাসন তথা মৰিগাঁৱৰ জিলা আয়ুক্ত দেবাশীষ শৰ্মা উপস্থিত হৈ শিল্পী গৰাকীৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে ৷

তদুপৰি বিভিন্ন দল-সংগঠনৰ নেতৃত্ব উপস্থিত হৈ শিল্পী গৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ সমান্তৰালকৈ মৰিগাঁও চহৰ, মৰিগাঁও জিলাৰ কেইবাটাও দল-সংগঠনে তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে ৷

লগতে পঢ়ক :Senior journalist press Meet: চৰকাৰে চমক সৃষ্টিকাৰী অপ্ৰয়োজনীয় কাম কৰিছে: ক্ষোভ সাহিত্যিক পেন্সনাৰৰ

ABOUT THE AUTHOR

...view details