অসম

assam

তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দীতা কৰিব আপে

By

Published : Nov 19, 2020, 8:44 AM IST

বিধান সভা নিৰ্বাচনৰ আগে আগে হ'বলগীয়া অসমৰ তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত পুন প্ৰথমবাৰৰ বাবে প্ৰাৰ্থী অৱৰ্তীণ কৰাব আম আদমী প্ৰাৰ্থীয়ে ৷ পৰিষদৰ নিৰ্বাচনৰ দহখন আসনৰ বাবে ইতিমধ্যে প্ৰাৰ্থী নিৰ্বাচিত কৰিলে আপে ৷

app press meet at morigaon
তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দীতা কৰিব আপে

মৰিগাঁও, 19 নৱেম্বৰঃ 2021ত হ'বলগীয়া অসম বিধান সভা নিৰ্বাচনৰ বাবে ইতিমধ্যে কঁকালত টঙালি বান্ধিছে অসমৰ সকলো দল সংগঠনে ৷ ৰাজনৈতিক দলসমূহৰ নেতৃত্বৰ মাজত এফালে নিৰ্বাচন কেন্দ্ৰীক বাক যুদ্ধ আনফালে দল সমূহৰ তৃণমূল পৰ্য্যায়ৰ পৰাই সাংগঠনিক ভেঁটি টনকীয়াল কৰাৰ প্ৰতিযোগিতা ৷

তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দীতা কৰিব আপে

লক্ষ্যণীয় কথাটো হ'ল বিধান সভা নিৰ্বাচনৰ আগে আগে হ'বলগীয়া অসমৰ তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে প্ৰাৰ্থী অৱৰ্তীণ কৰাব আম আদমী প্ৰাৰ্থীয়ে ৷ ইতিমধ্যে মৰিগাঁও জিলা কাৰ্যলয়ত এক সংবাদমেল সম্বোধন কৰি এই কথা স্পষ্টকৈ প্ৰকাশ কৰিলে আপৰ জিলা সমন্বয়ক দিপাংকৰ ৰাজবংশীয়ে ৷

সংবাদমেলত জিলা সমন্বয়কগৰাকীয়ে কয়, পৰিষদৰ নিৰ্বাচনৰ দহখন আসনৰ বাবে ইতিমধ্যে প্ৰাৰ্থী নিৰ্বাচিত কৰা হৈছে ৷ লগতে একক ভাৱে পৰিষদৰ মুঠ 36 টা সমষ্টিৰ পৰা 20/25 টা সমষ্টিত বিজয়ী হবলৈ সক্ষম হ'ব বুলিও দাবী কৰে সমন্বয়ক দিপাংকৰ ৰাজবংশীয়ে।

লগতে পঢ়কঃ নাগ্ৰীজুলিৰ কাউলীত বিজেপিৰ যোগদান সমাৰোহ

ABOUT THE AUTHOR

...view details