ETV Bharat Assam

অসম

assam

ETV Bharat / state

Laharighat electrical sub-division: বিদ্যুৎ মিটাৰ জ্বলাই দিবলৈ ৰাইজক প্ৰৰোচিত শক্তি বিভাগৰ কৰ্মচাৰীৰ ! - বিদ্যুৎ মিটাৰ জ্বলাই দিয়াৰ আহ্বান শক্তি বিভাগৰ

মৰিগাঁৱৰ লাহৰীঘাট বিদ্যুৎ উপ-সংমণ্ডলত শক্তি বিভাগৰ টোগলকী কাণ্ডত অতিষ্ঠ উপভোক্তা ৷ শুকুৰবাৰে ৰাইজৰ ৰোষৰ বলি হ’ল এজন শক্তি বিভাগৰ কৰ্মচাৰী ।

Laharighat electrical sub-division
মৰিগাঁৱত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Jul 15, 2023, 11:20 AM IST

Updated : Jul 15, 2023, 1:58 PM IST

শক্তি বিভাগৰ টোগলকী কাণ্ড

মৰিগাঁও, 15 জুলাই : শক্তি বিভাগৰ টোগলকী কাণ্ডত অতিষ্ঠ সৰ্বসাধাৰণ ৷ শক্তি বিভাগৰ কাণ্ডৰ বিৰুদ্ধে শুকুৰবাৰে মৰিগাঁৱত উত্তপ্ত পৰিস্থিতি ৷ উল্লেখ্য যে, মৰিগাঁও জিলাৰ লাহৰিঘাট বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনস্থ গাওঁসমূহত ৰাইজ শক্তি বিভাগৰ কাণ্ডৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে‌ । ঘটনা সন্দৰ্ভত জানিবলৈ পৰা মতে, মৰিগাঁও জিলা লাহৰিঘাট বিদ্যুৎ উপ-সংমণ্ডলৰ ছাইফুল ইছলাম নামৰ কৰ্মীজনে উপ সংমণ্ডলৰ গাণনিক বিষয়া আবু হানিফাৰ সৈতে মিলি দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলক বিদ্যুৎ মিটাৰ যোগান ধৰাৰ নামত ধন সংগ্ৰহ কৰাক লৈ উত্তপ্ত হৈ পৰে পৰিস্থিতি ৷

লাহৰিঘাট বিদ্যুৎ উপ-সংমণ্ডলৰ ছাইফুল ইছলাম নামৰ বিদ্যুৎ কৰ্মীজনে বিদ্যুৎ মিটাৰ যোগান ধৰাৰ নামত 1500 টকাকৈ সাধাৰণ ৰাইজৰ পৰা সংগ্ৰহ কৰা বুলি অভিযোগ তুলিছে ভুক্তভোগী ৰাইজে ৷ অৱশ্যে এক বছৰ পাৰ হৈ যোৱাৰ পিছতো বিদ্যুৎ মিটাৰ যোগান ধৰিব পৰা নোৱাৰাত ক্ষোভ প্ৰকাশ কৰে ভুক্তভোগী ৰাইজে । তাৎপৰ্যপূৰ্ণ বিষয় যে, ছাইফুল ইছলাম নামৰ কৰ্মীজনে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলক বিদ্যুৎ মিটাৰ যোগান ধৰাৰ নামত সংগ্ৰহ কৰা ধনৰ এটা অংশ উপ সংমণ্ডলটোৰ গাণনিক বিষয়া আবু হানিফা নামৰ কৰ্মীজনেও পায় বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ছাইফুল ইছলামে ৷

এই ঘটনা পোহৰলৈ অহাৰ পিচতে কাৰ ছত্ৰছায়াত বিদ্যুৎ বিভাগত এই দুৰ্নীতি চলিছে বুলি সৰ্বত্ৰে প্ৰশ্ন উত্থাপন হৈছে । ৰাজ্যৰ স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল বুলি শ্লোগান আওৰায় থকাৰ সময়ত কাৰ আশীৰ্বাদত বিদ্যুৎ বিভাগত এনে বিয়াগোম দুৰ্নীতি চলিছে পোহৰলৈ আহিবনে বুলিও প্ৰশ্ন উত্থাপন হৈছে । আনহাতে, বিদ্যুৎ বিল বেছি অহাৰ বাবেই ৰাইজক মিটাৰ জ্বলাই দিবলৈ প্ৰৰোচিত কৰা বুলিও এইজন কৰ্মচাৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । ঘটনাটো সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয় বিষয় ৷

লগতে পঢ়ক :AASU protest against price hike in Jorhat: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে ৰাইজক, ৰাজ্যজুৰি আছুৰ বিক্ষোভ

Last Updated : Jul 15, 2023, 1:58 PM IST

ABOUT THE AUTHOR

...view details