অসম

assam

ETV Bharat / state

মৰিগাঁৱত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সৰৱ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ - নাগৰিকত্ব সংশোধনী আইন

১৭ আগষ্টত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিশাল মানৱ শৃংখল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব ৷

AJYCP protest Against CAA At Morigaon
মৰিগাঁৱত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সৰৱ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

By

Published : Aug 13, 2020, 9:25 AM IST

মৰিগাঁও, 13 আগষ্টঃ পুনৰ নাগৰিকত্ব সংশোধনী আইন, ২০১৯ বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যতেই ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৷

ঠিক একেদৰে মৰিগাঁৱতো বিভিন্ন দল-সংগঠনৰ লগতে সাধাৰণ ৰাইজে 'কা' বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সমান্তৰালভাৱে মৰিগাঁও চহৰত ১৭ আগষ্টত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত বিশাল মানৱ শৃংখল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি ঘোষণা কৰিছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে ।

যদিহে কেন্দ্ৰীয় চৰকাৰে অসমৰ ওপৰত জাপি দিয়া এই অইনখন বাতিল নকৰে তেন্তে ধাৰাবাহিকভাৱে আন্দোলন হ'ব বুলিও উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে । অতি শীঘ্ৰে চৰকাৰক এই আইনখন বাতিলৰ দাবী উত্থাপন কৰে সংগঠনটোৰ সদস্যসকলে ৷

লগতে পঢ়ক-থাকিবলৈ ঘৰ নোহোৱা এগৰাকী জাতীয়তাবাদী নেতা

ABOUT THE AUTHOR

...view details