অসম

assam

ETV Bharat / state

Jihadi activities in Madrasa : জেহাদীৰে সম্পৰ্ক থকা মৈৰাবাৰীৰ মাদ্ৰাছাত চলিল উচ্ছেদ - Jihadi activities from madrasa in Morigaon

যোৱা ২৮ জুলাইত ছীল কৰা মৈৰাবাৰীৰ জমিউল হুদা মাদ্ৰাছাত প্ৰশাসনে পুৱাই উচ্ছেদ চলায় (Morigaon administration eviction in Madrasa)। জেহাদীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত মাদ্ৰাছাখন বন্ধ কৰি দিছিল প্ৰশাসনে । কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত প্ৰশাসনে ভাঙি দিয়ে মাদ্ৰাছাখন ।

Jihadi activities in Madrasa
জেহাদীৰে সম্পৰ্ক থকা মৈৰাবাৰীৰ মাদ্ৰাছাত চলিল উচ্ছেদ

By

Published : Aug 4, 2022, 10:06 AM IST

Updated : Aug 4, 2022, 11:01 AM IST

ধিং,৪ আগষ্ট :অৱশেষত উচ্ছেদ চলিল জেহাদীৰ সৈতে সম্পৰ্ক থকা মৈৰাবাৰীৰ চহৰীয়া গাঁৱৰ জমিউল হুদা মাদ্ৰাছাত (Eviction in Jihadi linked Jamiul Huda Madrasa)। সম্পূৰ্ণৰূপে ভাঙি দিয়া হ'ল মাদ্ৰাছাখন । কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত মৰিগাঁও জিলা প্ৰশাসনে উচ্ছেদ চলায় মাদ্ৰাছাখনত । এটা এটাকৈ মাদ্ৰাছাৰ প্ৰতিটো কোঠা এস্কেভেটৰেৰে ভাঙি দিয়া হয় । আনকি উচ্ছেদৰ সময়ত স্থানীয় লোকসকলকো প্ৰৱেশ কৰিবলৈ দিয়া নাই আৰক্ষীয়ে ।

জেহাদীৰে সম্পৰ্ক থকা মৈৰাবাৰীৰ মাদ্ৰাছাত চলিল উচ্ছেদ

উল্লেখ্য যে যোৱা ২৮ জুলাইত প্ৰশাসনে তলা লগাইছিল মাদ্ৰাছাখনত । মাদ্ৰাছাখনৰ পৰা জেহাদীৰ কাৰ্যকলাপ চলাৰ অভিযোগ উঠাৰ পাছতে আৰক্ষীয়ে অভিযান চলাইছিল । মাদ্ৰাছাখনৰ সৈতে বাংলাদেশৰ সন্ত্ৰাসবাদী সংগঠন আনচাৰুল্লাহ বাংলা চুমকৈ এবিটিৰে সম্পৰ্ক থকাৰ অভিযোগো উঠিছিল । আৰক্ষীয়ে অভিযান চলাই বিভিন্ন ধৰণৰ নথি পত্ৰ উদ্ধাৰ কৰিছিল ।

হাদীৰে সম্পৰ্ক থকা মৈৰাবাৰীৰ মাদ্ৰাছাত চলিল উচ্ছেদ

সমান্তৰালকৈ মাদ্ৰাছাখনৰ প্ৰধান মুফতি মুস্তাফাৰ জেহাদী সংগঠনৰ লগত সম্পৰ্ক থকাৰ দাবী অসম আৰক্ষীৰ (Police suspect linkman Mufti Mustafa) ৷ আৰক্ষীয়ে মুফতিৰ বেংক একাউণ্টত বাংলাদেশৰ আমিৰ উদ্দিন নামৰ এজন লোকৰ লগতে বিভিন্ন দেশৰ পৰা ধন সোমাৱাৰ তথ্যও লাভ কৰিছিল (Police arrested Madrasa head Mufti Mustafa) ৷ ইয়াৰ পূৰ্বেও মাদ্ৰাছাখন জেহাদী সংগঠনৰ লগত জড়িত বুলি অভিযোগ উত্থাপন কৰিছিল স্থানীয় লোকে(Jihadi activities from madrasa in Morigaon) ৷

জেহাদীৰে সম্পৰ্ক থকা মৈৰাবাৰীৰ মাদ্ৰাছাত চলিল উচ্ছেদ

অৱশেষত মাদ্ৰাছাখনৰ পৰা জেহাদী কাৰ্যকলাপ চলাই অহাৰ অভিযোগত আৰক্ষীয়ে মুফতিক গ্ৰেপ্তাৰ কৰিছিল ৷ ইফালে নিকটৱৰ্তী আন এখন মাদ্ৰাছাত আৰক্ষীয়ে অভিযান চলায় ১১ গৰাকীকৈ শিক্ষকক আটক কৰিছিল ।

উল্লেখ্য যে মুফতি মুস্তাফা বাংলাদেশৰ সন্ত্ৰাসবাদী সংগঠনৰ পৰা ২০১৯ চনৰ পৰা ধনৰ লেনদেন কৰি আহিছিল । তদুপৰি ২০১৯ চনত মুফতি মুস্তাফাই এই জমিউল হুদা মাদ্ৰাছতে বহিঃৰাষ্ট্ৰৰ সন্দেহযুক্ত সন্ত্ৰাসবাদী সংগঠনৰ সদস্যক আশ্ৰয় প্ৰদান কৰিছিল ।

লগতে পঢ়ক :KULA militant group : কাৰ্বি আংলঙত নতুন বিদ্ৰোহী সংগঠনৰ আত্ম প্ৰকাশ; আৰক্ষীৰ জালত তিনি কেডাৰ

Last Updated : Aug 4, 2022, 11:01 AM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details