অসম

assam

By

Published : Apr 15, 2021, 1:50 PM IST

ETV Bharat / state

৩৬৭ বছৰীয়া পৰম্পৰাৰে মাজুলী আউনী আটীত সত্ৰত বোকা খেল

আজি অসমীয়াৰ বাপতি সাহোন হেপাঁহৰ ৰঙালী বিহু । সমগ্ৰ ৰাজ্যতে উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে । আজিৰ এই বিহু দিনাই মাজুলী সত্ৰৰ পৰম্পৰা অক্ষুন্ন ৰাখি সত্ৰৰ ভকত বৈষ্ণৱে বোকা খেলে ।

৩৬৭ বছৰীয়া পৰম্পৰাৰে মাজুলী আউনী আটীত সত্ৰত বোকা খেল
৩৬৭ বছৰীয়া পৰম্পৰাৰে মাজুলী আউনী আটীত সত্ৰত বোকা খেল

মাজুলী, 15 এপ্ৰিল : আজি পহিলা ব’হাগ । মাজুলীত সম্পূৰ্ণ পৰম্পৰা ৰক্ষা কৰি ঐতিহাসিক আউনীআটী সত্ৰত ৩৬৭ বছৰীয়া পৰম্পৰাৰে অনুষ্ঠিত কৰা হয় বোকা খেল । পুৱাতেই কণ কণ বৈষ্ণৱৰ পৰা আৰম্ভ কৰি যুৱ বৈষ্ণৱ সকলো ওলাই আহি ভূমিত লুতুৰি-পুতুৰি হৈ বোকাখেল খেলা পৰিলক্ষিত হৈছে । এই পৰম্পৰা অনুসৰি ভূমিক শান্তিৰ প্ৰতীক হিচাপে গণ্য কৰি শৰীৰৰ ৰোগ নিৰাময়ৰ বাবে শৰীৰত ভূমি লেপন কৰে। ভূমি লেপন কৰিলে ছালৰ ৰোগ নিৰাময় হয় বুলি প্ৰবাদ আছে । প্ৰাচীন পৰম্পৰাৰে অনুষ্ঠিত হয় এই বোকাখেল ।

৩৬৭ বছৰীয়া পৰম্পৰাৰে মাজুলী আউনী আটীত সত্ৰত বোকা খেল

সত্ৰখনৰ চাৰি হাটীৰ বৈষ্ণৱ ভকত সকলে পুৱা বোকাখেলৰ আনন্দ লয়। ইজনে সিজনক ভূমি লেপন কৰে । সত্ৰক কেন্দ্ৰ কৰি গাঁও সমূহতো বোকাখেল অনুষ্ঠিত হয় । গাঁৱে গাঁৱে বোকাখেলৰ আনন্দ লৈছে ডেকা গাভৰু সকলৰ লগতে বৃদ্ধসকলেও ।

লগতে পঢ়ক:ধেমাজিৰ চোতালে চোতালে হাইদাং হুচঁৰি

ABOUT THE AUTHOR

...view details