মাজুলী, 27ছেপ্টেম্বৰ :বিগত দুটা বছৰে ক’ভিড ১৯-ৰ বাবে বিধ্বস্ত হৈ পৰিছিল ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখন ৷ ইয়াৰ ব্যতিক্ৰম নহয় মাজুলীও । শাৰদীয় উৎসৱৰ মূৰ্চনাত বিলীন সত্ৰপীঠ মাজুলী । মাজুলীত এতিয়া উৎসৱৰ বতৰ । এই সময়ত পূৰ্বে আগমন হৈছিল দেশী বিদেশী বহু পৰ্যটকৰ । কিন্তু যোৱা দুবছৰে পৰ্যটক অবিহনে উকা হৈ আছে পৰ্যটনৰ ৰম্যভূমি মাজুলী । যদিও সেৰেঙাকৈ কোনোবা আহিছে, সেয়া পূৰ্বৰ তুলনাত তেনেই নগণ্য ।
বিশ্ব পৰ্যটন দিৱসৰ দিনটোত নিমাও-মাও মাজুলী উল্লেখ্য যে, নদীদ্বীপ মাজুলীত পালন কৰা উৎসৱ সমূহৰ ভিতৰত মূলতঃ প্ৰধান উৎসৱ হৈছে ৰাস মহোৎসৱ আৰু পাল নাম । শৰতৰ স্নিগ্ধ জোনাক নিশা, পদূলিয়ে পদূলিয়ে আমোলমোল তলসৰা দুৱৰিৰ লগতে শেৱালীৰ গোন্ধ । শৰৎ মানেই শইচ সম্ভৱা সেউজীয়া পথাৰ, শুভ্ৰ কঁহুৱাৰ মিছিকিয়া হাঁহিৰ আহ্বান, নীলা আকাশত শুকুলা মেঘৰ লুকা ভাকু । মাজুলীৰ পদূলি যেন এতিয়া শাৰদী ৰাণীৰ ক্ৰীড়াংগণ ।
লগতে পঢ়ক:পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনাৰে ভৰপুৰ কলিয়াবৰ
বান, বাৰিষাৰ দুৰ্যোগ, দুৰ্ভাৱনা পাহৰি পেলাইছে মাজুলীবাসীয়ে । শুভ্ৰ কহুৱাৰ ফুলৰ নাচোনত বাগময় হৈছে মাজুলীৰ সৌন্দৰ্য । অনুপম মাজুলীৰ প্ৰকৃতিয়ে হাত বাউলি দি মাতিছে দেশী বিদেশী পৰ্যটকক । কিন্তু দুভাগ্যৰ কথা যে, প্ৰায় দুবছৰ দিন ধৰি মাজুলীত কোনো বিদেশী আলহী নায় । ক’ভিড পৰিস্থিতিৰ বাবে সৰু সৰুকৈ আৰম্ভ হোৱা লজ সমূহ এতিয়া বন্ধ হৈ পৰিছে । ইয়াৰ মাজতে মাজুলীৰ পৰ্যটন ক্ষেত্ৰলৈ সুদিন ঘূৰি অহালৈ অপেক্ষা কৰি থকাৰ মাজতে পৰ্যটন কৰ্মী সকল আকৌ নিৰাশ হ’ব লগাত পৰিছে ৷ কিয়নো ভাবিলেই গা কঁপি উঠা 8 ছেপ্তেম্বৰৰ সেই নিমাতীৰ ফেৰী দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাৰ পিছৰে পৰা মাজুলীৰ নিমাতীৰ সেই যাতায়ত ব্যৱস্থাই সাধাৰণ ৰাইজকো কৰিছে জুৰুলা ।
বিশ্ব পৰ্যটন দিৱসৰ দিনটোত নিমাও-মাও মাজুলী ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে যাতায়তৰ বাবে কিছু পৰিমাণে সুবিধা প্ৰদান কৰিছে যদিও কিন্তু সেয়া বৰ্তমান সহজ সুলভ নহয় ৷ কাৰণ ইপাৰ সিপাৰ হ’বলৈ যাত্ৰীয়ে কেইবাঘণ্টা ধৰি দীঘলীয়া শাৰী পাতিব লাগে ৷ এনে পৰিস্থিতিৰ বাবে চিন্তিত হৈ পৰিছে এতিয়া মাজুলীবাসী ৷ এনে ধৰণে যদি যাতায়ত ব্যৱস্থা অব্যাহত থাকে তেনেহ’লে মাজুলীলৈ যে পৰ্যটকৰ আগমন সংখ্যা কমিব, সেয়া নিশ্চিত ।
বিশ্ব পৰ্যটন দিৱসৰ এই বিশেষ দিনটোত মাজুলীৰ পৰ্যটক কৰ্মী সকলৰ চৰকাৰলৈ এটাই আহ্বান, মাজুলী আৰু নিমাতীৰ মাজত ৰাস আৰু পালনামৰ পূৰ্বে আৰু কেইখন মান ফেৰী সংযোগ কৰি সুচল কৰি দিয়ক যাতায়ত ব্যৱস্থা ৷ তেহে হয়তু পূৰ্বৰ ৰঙীণ মাজুলীয়ে আকৌ হাঁহিব প্ৰাণ খুলি ৷
লগতে পঢ়ক:আনুষ্ঠানিকভাৱে ৰাজ্যসভালৈ নিৰ্বাচিত সৰ্বানন্দ সোণোৱাল