মাজুলী, 14 মাৰ্চ :মাজুলীৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ শিপিনীসকলৰ উত্পাদিত সামগ্ৰীসমূহক এখন উপযুক্ত বজাৰ আৰু শ্ৰমৰ উচিত মূল্য দিয়া তথা কৰ্মদক্ষতাক অধিক গতিশীল কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ উদ্যোগত চৈধ্যদিনীয়াকৈ মাজুলীত আৰম্ভ হৈছে ৰাজ্যিক পৰ্যায়ৰ বিশেষ হস্ততাঁত আৰু বস্ত্ৰ মেলা। কিন্তু দুৰ্ভাগ্যজনক ভাৱে অস্বাস্থ্যকৰ পৰিবেশৰ মাজত চলি থকা দেখা গৈছে
দৰিয়া পাৰৰ মাজুলী মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ বিশেষ মেলাখন।
অস্বাস্থ্যকৰ পৰিবেশৰ মাজত মাজুলীত হস্ততাঁত আৰু বস্ত্ৰ মেলা - ইটিভি ভাৰত
মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰা অঞ্চলটোত আয়োজিত বস্ত্ৰ মেলাখনৰ এই দৃশ্যই মাজুলীৰ বিৰূপ প্ৰতিচ্ছবি দাঙি ধৰিছে
etv bharat
যিহেতু ২০ খন বিপনীযুক্ত এই বস্ত্ৰ মেলাখনত ৰাজ্যৰ বহু শিপিনীয়ে অংশগ্ৰহণ কৰিছে গতিকে পৰিস্কাৰ পৰিছন্নতা বৰ্তাই ৰখাটো নিতান্তই আৱশ্যক আছিল ।কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰা অঞ্চলটোত আয়োজিত অসম চৰকাৰৰ বস্ত্ৰ মেলাখনৰ এই দৃশ্যই মাজুলীৰ বিৰূপ প্ৰতিচ্ছবি দাঙি ধৰিছে