মাজুলী, 2 জুলাইঃ পথ নিৰ্মাণৰ নামত লক্ষাধিক টকা আত্মসাৎ কৰা ঠিকাদাৰৰ বিৰুদ্ধে জিলা উপায়ুক্তই তৰিব গোচৰ ৷ মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই ঘোষণা কৰিছে এই কথা ৷ মঙলবাৰে মাজুলীৰ পেৰাভাৰি বালিচাপৰিত নিৰ্মীয়মান পথৰ কাম পৰিদৰ্শন কৰে উপায়ুক্তগৰাকীয়ে ৷ মাজুলীত উপস্থিত হোৱা জিলা উপায়ুক্তগৰাকীয়ে কামৰ নমুনা দেখি ধমক দিয়ে গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তা ৰানা শৰ্মা তথা ছেক্ছন অফিছাৰ সীমান্ত দত্তক ৷
উল্লেখ্য যে, ২০১৮ বৰ্ষৰ জুন মাহত জুৱেল বৰা নামৰ মাজুলীৰ বাহিৰৰ এগৰাকী ঠিকাদাৰে কেইবাটাও পথ মেৰামতিৰ বাবে প্ৰায় ১•২০ কোটি টকাৰ এক নিবিদা লাভ কৰিছিল । ইয়াৰ ভিতৰত আছিল প্ৰায় ৪০ লক্ষ্য টকাৰ বনগাঁও বালিচাপৰী পথৰ পেৰাভাৰি বালিচাপৰি অংশটো । কিন্তু স্থানীয় এগৰাকী বিজেপি নেতাৰ ভাতৃ উৎপল নাথক উক্ত কাম কৰিবলৈ দিয়ে জুৱেল বৰাই ৷ জুৱেল বৰাৰ সৈতে লগ-লাগি বিজেপি নেতাৰ ভাতৃ উৎপল নাথে এতিয়া এইদৰেই অব্যাহত ৰাখিছে লুন্ঠনৰাজ ৷