অসম

assam

ETV Bharat / state

কংগ্ৰেছৰ হাত এৰি গেৰুৱা সাজ পিন্ধিব নেকি ৰাজীৱ লোচন পেগুৱে ? - মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

পুনৰ মোক্ষম আঘাত অসম প্ৰদেশ কংগ্ৰেছত। ৰাজ্যৰ ৰাজনীতিত খলকনি তুলি কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা মাজুলীৰ প্ৰাক্তন বিধায়ক ৰাজীৱ লোচন পেগুৱে মঙলবাৰে মাজুলী জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে । ২০২১ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰাৰ কথা ঘোষণা প্ৰাক্তন মন্ত্ৰী লোচন পেগুৰ ।

senior-congress-leader-rajiv-lochan-pegu-going-to-join-bjp-soon
কংগ্ৰেছৰ হাত এৰি গেৰুৱা পোচাক পিন্ধিবলৈ সাজু ৰাজীৱ লোচন পেগু

By

Published : Jul 6, 2021, 7:54 PM IST

Updated : Jul 7, 2021, 9:30 AM IST

মাজুলী, 6 জুলাই : ক্ৰমাৎ তাছ পাতৰ ঘৰৰ দৰে খহিবলৈ ধৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটী (APCC) ৷ ইগৰাকীৰ পিছত সিগৰাকীকৈ দলীয় নেতাৰ বিজেপি গমনে এতিয়া বিশ্বাস হীনতাৰ পৰিৱেশৰ সৃষ্টি কৰিছে দলটোৰ ভিতৰ চ’ৰাত ৷ অজন্তা নেওগ, ৰূপজ্যোতি কুৰ্মীৰ পদাংক অনুকৰণ কৰি গেৰুৱা বসন পিন্ধিবলৈ কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা মাজুলী জিলা কংগ্ৰেছৰ সভাপতি ৰাজীৱ লোচন পেগু সাজু হৈছে বুলি ব্যাপক চৰ্চা চলিছে ৰাজ্যৰ ৰাজনৈতিক মহলত ৷

মঙলবাৰে, অসম প্ৰদেশ কংগ্ৰেছ কমিটীলৈ (APCC) পেগুৱে পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ লগে লগেই এই কথা নিশ্চিত হৈ পৰিছে বুলিও গুজৱ আৰম্ভ হৈছে । মূলত 2015 চনত ৰাজ্যৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Bishwa Sarma)ৰ বিজেপি গমনৰ লগে লগে আৰম্ভ হৈছিল কংগ্ৰেছী নেতাৰ গেৰুৱা বসন পিন্ধাৰ এই যাত্ৰা ৷ হিমন্ত বিশ্ব শৰ্মাৰ লগতে দল ত্যাগ কৰা তেতিয়াৰ কংগ্ৰেছী বিধায়ক পীযুষ হাজৰিকা, জয়ন্তমল্ল বৰুৱা আদি বৰ্তমান ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ নাম হৈ পৰিল ৷

কংগ্ৰেছৰ হাত এৰি গেৰুৱা সাজ পিন্ধিব নেকি ৰাজীৱ লোচন পেগুৱে ?

একেটা পদাংক অনুকৰণ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ (APCC) প্ৰাক্তন সভাপতি ভূৱনেশ্বৰ কলিতা ৰাজ্যসভাৰ সাংসদ হ’ল ৷ যথেষ্ট দীঘলীয়া এই তালিকাখনত শেহতীয়াকৈ সংযোজন হোৱা অজন্তা নেওগেও ইতিমধ্য লাভ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ গুৰু দায়িত্ব ৷ চাৰিবাৰকৈ মৰিয়নী বিধানসভা সমষ্টি (Mariyani Constituency)ৰ পৰা বিধায়ক হোৱা ৰূপজ্যোতি কুৰ্মীয়েও যোগদান কৰিয়েই গেৰুৱা দলটোত লাভ কৰিছে বিশেষ গুৰুত্ব ৷ এতিয়া, প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৰ বিজেপিত যোগদানেও যে কংগ্ৰেছক মোক্ষম আঘাত হানিব সেই কথা নিশ্চিত হৈ পৰিছে ৷

লক্ষণীয়ভাৱে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ একালৰ অতি ঘনিষ্ঠ ৰূপে পৰিচিত নেতা পেগুৱে কিছুদিনৰ পূৰ্বে ড৹ হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে প্ৰথমবাৰ মাজুলীত পদাৰ্পন কৰাৰ সময়ত মুখ্যমন্ত্ৰী গৰাকীক সাক্ষাৎ কৰাৰে পৰা পেগুৰ সম্ভাৱ্য বিজেপি গমনৰ খবৰে বহুল চৰ্চা লাভ কৰিছিল ৰাজ্যৰ ৰাজনীতিত ৷ দলটোত প্ৰাথমিক সদস্য হিচাপে যোগদান কৰিলে পেগুক কি দায়িত্ব দিয়া হ’ব সেই বিষয়ত এতিয়াও কোনেও মুখ খোলা নাই ৷ কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে(ex cm Sarbananda Sonowal) কেন্দ্ৰীয় মন্ত্ৰীত্ব লাভ কৰিলে হ’ব লগীয়া উপনিৰ্বাচনত মাজুলীত বিধায়ক পদৰ প্ৰাৰ্থী হিচাপে গেৰুৱা দলটো (Saffron party)ৱে পেগুক প্ৰেৰণ কৰিব বুলি সম্প্ৰতি ব্যাপক চৰ্চা হৈছে ৰাজ্যৰ ৰাজনৈতিক মহলত ৷

লগতে পঢ়ক :কেবিনেট সম্প্ৰসাৰণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

Last Updated : Jul 7, 2021, 9:30 AM IST

ABOUT THE AUTHOR

...view details