মাজুলী, চামগুৰি, 5 ছেপ্তেম্বৰ :ক’ভিডৰ বাবে ৰাজ্য চৰকাৰে বান্ধি দিয়া সকলো নীতি-নিয়ম পালন কৰি সোমবাৰৰ পৰা পুনৰ বিদ্যালয় পাঠদান প্ৰক্ৰিয়াৰ আৰম্ভ কৰাৰ বাবে সাজু হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মাজুলীৰ অগ্ৰণী শিক্ষানুষ্ঠান চামগুৰি সত্ৰৰ ৰাওনা পাৰ আদৰ্শ উচ্চাতৰ মাধ্যমিক বিদ্যালয়ৰ কৰ্তৃপক্ষও সাজু হৈছে পাঠদান প্ৰক্ৰিয়াৰ বাবে ৷
যাৰবাবে বিদ্যালখনৰ প্ৰতিটো শ্ৰেণী কোঠা, বিদ্যালয়খনৰ সকলো ঠাই সুন্দৰকৈ পৰিস্কাৰ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ৷ বিদ্যালয়খন পৰিস্কাৰ কৰাৰ লগতে ছেনিটাইজ কৰাৰো ব্যৱস্থা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ৷
ইফালে বিদ্যালয়খনৰ অধ্যক্ষ গৰাকীয়ে সাংবাদিকৰ আগত জানিবলৈ দিয়া মতে, বিদ্যালয় খনৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীয়ে ক'ভিডৰ সকলো নীতি-নিয়ম মানি চলিব লাগিব । সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ লগতে মাস্ক ব্যৱহাৰ কৰাতো বাধ্যতামূলক কৰিছে ৷