অসম

assam

ETV Bharat / state

ৰাজ্যসভাত মাজুলীক অপমান : গীতা পাঠেৰে অনশন বহিল সত্ৰাধিকাৰ ! - সমগ্ৰ মাজুলীবাসীক লজ্জানত কৰা সাংসদজন

ৰাজ্যসভাৰ মজিয়াত মহাৰাষ্ট্ৰৰ সাংসদে মাজুলীক কৰা অপমানক লৈ প্ৰতিবাদত বহিল সত্ৰাধিকাৰ ৷ যোৱা 11 ডিচেম্বৰত বিনয় পি. সহস্ৰবূদ্ধেয়ে মাজুলী অবৈধ অনুপ্ৰৱেশকাৰীৰ বাসভূমি বুলি তীৰ্যক মন্তব্য় কৰে সদনৰ মজিয়াত ৷ আশ্চৰ্যজনকভাৱে সাংসদগৰাকীৰ এই মন্তব্য বিৰুদ্ধে কোনো আক্ষেপ প্ৰকাশ কৰা দেখা নগ'ল মাজুলীৰ বিধায়ক তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৷

satradhikar's hunger strike in majuli
মাজুলীত গীতা পাঠেৰে অন্নশনত বহিল সত্ৰাধিকাৰ

By

Published : Feb 11, 2020, 2:13 PM IST

Updated : Feb 11, 2020, 2:49 PM IST

মাজুলী, 11ফেব্ৰুৱাৰী : ৰাজ্যসভাত বিগত বৰ্ষৰ 11 ডিচেম্বৰত মাজুলীৰ সন্দৰ্ভত অপমানজনক মন্তব্য আগবঢ়াইছিল এজন বিজেপি সাংসদে ৷ মহাৰাষ্ট্ৰৰ সাংসদ বিনয় প্ৰভাৱকৰ সহস্ৰবূদ্ধে ৰাজ্যসভাৰ মজিয়াত নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন কৰিবলৈ গৈ মন্তব্য কৰিছিল যে, মাজুলী এটা বস্তিসদৃশ অঞ্চল ৷ কোনো থলুৱা লোক মাজুলীত নাথাকে কেৱল মাত্ৰ বাংলাদেশৰ পৰা অহা লোকেৰে ভৰি আছে মাজুলী নামৰ নদী দ্বীপটো ৷ বিনয় প্ৰভাৱকৰ সহস্ৰবূদ্ধেৰ এই মন্তব্যৰ বিৰুদ্ধে সেই সময়ত গৰজি উঠিছিল মাজুলীবাসীৰ লগতে সমগ্ৰ ৰাজ্য ৷ কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনে সেই সময়চোৱাত তীব্ৰৰূপ ধাৰণ কৰাত এই বিষয়টো তল পৰি ৰয় ৷ উল্লেখযোগ্য যে, মাজুলী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি ৷ কিন্তু সাংসদজনৰ এই অপমানসূচক মন্তব্য সন্দৰ্ভত আজিলৈকে একো এষাৰ মত প্ৰকাশ নকৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে

মাজুলীত গীতা পাঠেৰে অনশনত বহিল সত্ৰাধিকাৰ

অৱশ্যে দীৰ্ঘদিনৰ পৰা মাজুলীবাসীয়ে এই অপমানৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰি থকাৰ লগতে সাংসদ জনক মাজুলীলৈ আহি ক্ষমা খোজাৰ দাবীৰে ৩ জানুৱাৰীত মাজুলী জিলা উপায়ুক্ত বিক্ৰম কৈৰীৰ জৰিয়তে দেশৰ প্ৰধান মন্ত্ৰী , ৰাজ্য সভাৰ অধ্যক্ষ , ৰাজ্যপাল তথা মুখ্যমন্ত্ৰীলৈ জেষ্ঠ নাগৰিক আৰু সত্ৰাধিকাৰে মাজুলীবাসীৰ হৈ ৰাজহুৱা পত্ৰ প্ৰেৰণ কৰে ৷ সাংসদজনক ক্ষমা খোজাৰ বাবে সময় বান্ধি দিয়া হৈছিল যদিও বিষয়টোৰ সন্দৰ্ভত সাংসদ অথবা ৰাজ্যৰ মুখ্যমন্ত্ৰীজনেও কোনো পদক্ষেপ গ্ৰহণ নকৰাত জাঙুৰ খাই উঠিছে মাজুলীবাসী । সমগ্ৰ মাজুলীবাসীক লজ্জানত কৰা সাংসদজনক সনাতন হিন্দু ধৰ্মৰ সংস্কৃতি আদৰ্শৰে অনুপ্ৰাণিত হৈ থকা মাজুলীবাসীয়ে আইনী প্ৰক্ৰিয়ালৈ যোৱাৰ পূৰ্বে মাজুলী সত্ৰাধিকাৰে অনশনৰ দৰে কাৰ্যসূচী ল'বলৈ বাধ্য হৈছে ।

মঙলবাৰে পুৱা 9 বজাৰ পৰা 1 বজালৈ মাজুলী জিলাসদৰ গড়মূৰত মাজুলীক লৈ তীৰ্যক মন্তব্য কৰা বিজেপি সাংসদৰ বিৰুদ্ধে গীতা পাঠেৰে চাৰিঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে সত্ৰাধিকাৰসকলে । এই অনশন কাৰ্যসূচীত শ্ৰীশ্ৰী দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী, আধাৰ সত্ৰৰ সত্ৰাধিকাৰ মহেশ্ব চন্দ্ৰ গোস্বামী, অসম সত্ৰ মহাসভাৰ মাজুলী জিলা সমিতিৰ প্ৰাক্তন সম্পাদকসৰ্বানন্দ গোস্বামী লগতে অংশ লয় বিভিন্ন দল সংগঠন সদস্যই ।

লগতে পঢ়ক : পাহৰণিৰ গৰ্ভত মাইলছ ব্রনছন

Last Updated : Feb 11, 2020, 2:49 PM IST

ABOUT THE AUTHOR

...view details