মাজুলী, 15 নৱেম্বৰ : ক’ভিড মহামাৰীৰ মাজতেই মাজুলীৰ শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰত ৩৪৭ বছৰীয়া পৰম্পৰাৰে অনুষ্ঠিত হ’ব ৰাসোৎসৱ । উত্তৰ কমলাবাৰী সত্ৰৰ কৃষ্টি সংঘৰ লগত জড়িত প্ৰায় ১০ খন গাঁৱৰ ৰাইজৰ সৈতে হোৱা ৰাজহুৱা সভাত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত । ক’ভিড ১৯-ৰ চৰকাৰী নিদেৰ্শনাৰ মাজেৰে ২৯ নৱেম্বৰৰ পৰা ১ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব ৰাসোৎসৱ ।
ক’ভিডৰ মাজতেই উত্তৰ কমলাবাৰী সত্ৰত হ’ব ৰাস মহোৎসৱ - ras celebrate at majuli
উত্তৰ কমলাবাৰী সত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাত সত্ৰৰ শুভাকাঙ্খীসকলে মাজুলী তথা সত্ৰখনৰ ঐতিহ্য বহন কৰা ৰাস মহোৎসৱ উদযাপন কৰিবলৈ আগবঢ়োৱা পৰামৰ্শ গ্ৰহণ কৰি উদ্যোক্তাসকলে গ্ৰহণ কৰে এই সিদ্ধান্ত ৷
ক’ভিডৰ মাজতেই উত্তৰ কমলাবাৰী সত্ৰত হ’ব ৰাস মহোৎসৱ
উত্তৰ কমলাবাৰী সত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাত সত্ৰৰ শুভাকাঙ্খী তথা সদস্যসকলে মাজুলী তথা সত্ৰখনৰ ঐতিহ্য বহন কৰা ৰাস মহোৎসৱ উদযাপন কৰিবলৈ আগবঢ়োৱা পৰামৰ্শ গ্ৰহণ কৰি উদ্যোক্তাসকলে গ্ৰহণ কৰে এই সিদ্ধান্ত ৷ উল্লেখ্য যে, উত্তৰ কমলাবাৰী সত্ৰই বিভিন্ন নতুন দৃশ্য আৰু কাৰিকৰী কৌশল অৱলম্বন কৰি প্ৰতিবছৰে ৰাসোৎসৱ পালন কৰি আহিছে ।
লগতে পঢ়ক: 2021: বিহাৰত ওৱেইছিয়ে লোৱা ভূমিকা অসমত পালন কৰিব আজমলে