অসম

assam

By

Published : May 21, 2022, 2:19 PM IST

ETV Bharat / state

ৰাণা পগাগে বন্ধকত দিয়া ইনভা জব্দ কৰিলে আৰক্ষীয়ে

নগাঁৱৰ বিশেষ কাৰাগাৰৰ পৰা আদালতৰ অনুমতি লৈ মাজুলীলৈ অনা প্ৰৱঞ্চক ৰাণা পগাগ সম্প্ৰতি আছে মাজুলীৰ গড়মূৰ আৰক্ষীৰ জিম্মাত(Rana Pogag interrogated at Garmur police station) । পগাগে আৰক্ষীৰ আগত প্ৰদান কৰা ভাষ্য অনুসৰি, ৰঞ্জন কুটুম নামৰ এজন মাজুলীৰ যুৱকে ৰাণা পগাগক প্ৰদান কৰিছিল 25 লাখ টকা ৷ টকা ঘূৰাই দিয়াৰ চুক্তিৰে প্ৰথম কিস্তিত ৰাণা পগাগে এখন বাহন প্ৰদান কৰিছিল ৰঞ্জন কুটুমক ৷ কুটুমে পগাগৰ পৰা বন্ধকত লোৱা AS 29 0003 নম্বৰৰ ইনভাখন অৱশেষত মাজুলী আৰক্ষীয়ে জব্দ(Police seized vehicle used by Rana Pogag) কৰে ৷

police-seized-vehicle-used-by-rana-pogag
ৰাণা পগাগে বন্ধকত দিয়া ইনভা জব্দ কৰিলে আৰক্ষীয়ে

মাজুলী, 21 মে’: আৰক্ষী বিষয়া জোনমণি ৰাভা আৰু তেওঁৰ প্ৰাক্তন প্ৰেমিক ৰাণা পগাগৰ বাতৰিয়ে কিছুদিনৰে পৰা সংবাদ শীৰ্ষ দখল কৰি আহিছে ৷ নগাঁৱৰ বিশেষ কাৰাগাৰৰ পৰা আদালতৰ অনুমতি লৈ মাজুলীলৈ অনা প্ৰৱঞ্চক ৰাণা পগাগ সম্প্ৰতি আছে মাজুলীৰ গড়মূৰ আৰক্ষীৰ জিম্মাত(Rana Pogag interrogated at Garmur police station) । প্ৰৱঞ্চক ৰাণা পগাগক মাজুলীলৈ অনাৰ পিছত আৰক্ষীয়ে পাঁচদিনৰ জিম্মাত লৈ আৰম্ভ কৰিছে মাৰাথন জেৰা ।

লগতে চাওক:আকৌ এজনে খুলিছে মুখ; জোনমণিৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য

আৰক্ষীৰ সোধ-পোছৰ সময়তে পোহৰলৈ আহিছে নতুন নতুন তথ্য ৷ পগাগে আৰক্ষীৰ আগত প্ৰদান কৰা ভাষ্য অনুসৰি, ৰঞ্জন কুটুম নামৰ এজন মাজুলীৰ যুৱকে ৰাণা পগাগক প্ৰদান কৰিছিল 25 লাখ টকা ৷ টকা ঘূৰাই দিয়াৰ চুক্তিৰে প্ৰথম কিস্তিত ৰাণা পগাগে এখন বাহন প্ৰদান কৰিছিল ৰঞ্জন কুটুমক ৷ কুটুমে পগাগৰ পৰা বন্ধকত লোৱা AS 29 0003 নম্বৰৰ ইনভাখন অৱশেষত মাজুলী আৰক্ষীয়ে জব্দ(Police seized vehicle used by Rana Pogag) কৰে ৷

ৰাণা পগাগে বন্ধকত দিয়া ইনভা জব্দ কৰিলে আৰক্ষীয়ে

চুক্তি অনুসৰি, ঠিকা প্ৰদানৰ নামত ব্যক্তিগৰাকীৰ পৰা লোৱা প্ৰায় 25 লাখ টকা দুটা কিস্তিত ৰাণাই ঘূৰাই দিয়াৰ কথা আছিল ৷ কিন্তু সময়ত টকা পৰিশোধ কৰিব নোৱাৰি পগাগে পিতৃৰ নামত থকা বাহনখন গতাই দিছিল কুটুমক ৷ এই চুক্তি সম্পাদন কৰাৰ সময়ত আৰক্ষী বিষয়া জোনমণি ৰাভা উপস্থিত থকা বুলি দাবী কৰিছে ৰঞ্জন কুটুমে ৷ ইতিমধ্যে জোনমণি ৰাভাৰ প্ৰাক্তন প্ৰেমিক ৰাণা পগাগৰ বিৰুদ্ধে ৰুজু কৰা হৈছে কেইবাটাও গোচৰ ৷

লগতে চাওক:মাজুলীৰ গড়মূৰ আৰক্ষী থানাত প্ৰৱঞ্চক ৰাণা পগাগক মাৰাথান জেৰা

ABOUT THE AUTHOR

...view details