অসম

assam

ETV Bharat / state

নিজৰ খেতিডৰা দেখি আত্মসন্তুষ্টিৰ হাঁহি মোহনৰ মুখত - মাজুলীৰ খবৰ

Indomitable spirit of Farmer: সৰিয়হ খেতিৰেই অত বছৰে স্বাৱলম্বী হোৱাৰ লগতে পৰিয়াল পোহপাল দিয়া মাজুলীৰ মোহন হাজৰিকাৰ কথাৰে....

mohan hazarika from majuli becomes self reliant through Mustard cultivation
মোহন হাজৰিকাৰ কৃষি বিপ্লৱ

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 12:12 PM IST

মোহন হাজৰিকাৰ কৃষি বিপ্লৱ

মাজুলী, 10 জানুৱাৰী :যি সময়ত কৰ্মসংস্থাপন বিচাৰি ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক নিজ ৰাজ্য এৰি আন আন ৰাজ্য লৈ গতি কৰিছে, সেই সময়তে মাজুলীৰ গায়ন গাঁৱৰ মোহন হাজৰিকা নামৰ লোকজনে নিজৰ গাঁৱৰ সন্মুখৰ চাপৰিতে কৰিছে কৃষি বিপ্লৱ । সত্ৰপীঠ মাজুলীৰ গায়ন গাঁৱৰ মোহন হাজৰিকা নামৰ লোকজনে জনোৱা মতে, তেওঁ ঘৰৰ সন্মুখৰ চাপৰিত বিগত প্ৰায় ২৫ বছৰে বিভিন্ন ধৰণৰ খেতি কৰি পৰিয়াল পোহপাল দি আহিছে ।

এইবাৰ মোহন হাজৰিকা নামৰ লোকজনে নিজৰ মাটিৰ লগতে চাপৰিৰ মাটি লিজত লৈ ৭০ বিঘাতকৈ অধিক মাটিত সৰিয়হৰ খেতি কৰিছে । নিজৰ কপালৰ ঘাম মাটিত পেলাই কৰা খেতি দৰা লহপহকৈ বাঢ়ি অহাত চহা কৃষকজনৰ মুখত হাঁহি বিৰিঙি উঠিছে । আন বছৰৰ তুলনাত এইবাৰ মোহন হাজৰিকাই কিছু অধিক বিঘা মাটিত সৰিয়হৰ খেতি কৰিছে বুলি তেওঁ জানিবলৈ দিছে ।

মাজুলীৰ এইজন কৃষকৰ ভাষ্য অনুসৰি, চৰকাৰী সা-সুবিধা কিছু পৰিমাণে পাবলৈ সক্ষম হৈছে যদিও তেওঁৰ খেতিলৈ চাই সেইয়া পৰ্য্যাপ্ত নহয় । তেওঁ চৰকাৰলৈ আহ্বান জনাই যাতে অকণমান তেওঁলৈ সহায়ৰ হাত আগবঢ়ায় । মোহন হাজৰিকা নামৰ লোকজন এতিয়া আন দহজন লোকৰ বাবে হৈ পৰিছে আদর্শস্বৰূপ । তেওঁ জানিবলৈ দিয়া মতে, কৃষি কৰি তেওঁ নিজৰ পৰিয়ালটো সুন্দৰভাৱে পোহপাল দি আহিছে । মোহন হাজৰিকাই মন্তব্য কৰে যে, যদি তেওঁৰ শৰীৰ সুস্থ হৈ থাকে আৰু লগতে যদি খেতি কৰিব পৰা উপযুক্ত বতৰ পাই, তেন্তে তেওঁ আগন্তুক বছৰত আৰু অধিক মাটিত সৰিয়হ খেতি কৰিব ।

লগতে পঢ়ক :উচ্চ শিক্ষিত পুত্ৰক লগত লৈ খেতিৰ জৰিয়তে পিতৃৰ স্বাৱলম্বিতাৰ দিশে খোজ

ABOUT THE AUTHOR

...view details