ৰূপজ্যোতিৰ নানা ৰূপ ! এইবাৰ পিঠিত চাউলৰ বেগ
মুখ্যমন্ত্ৰীৰ সমষ্টিৰ বানাক্ৰান্তক সহায়ৰ পৰা আগবাঢ়ি আহিল ৰূপজ্যোতি কুৰ্মী ৷ বিতৰণ কৰিলে বান সাহায্য ৷ নামি পৰিল বিধ্বস্ত পথ মেৰামতিতো ৷
মাজুলী, 23 জুলাই : বানে জুৰুলা কৰা মুখ্যমন্ত্ৰীৰ সমষ্টিৰ বানাক্ৰান্তক সহায়ৰ বাবে আগবাঢ়ি আহিল এগৰাকী বিধায়ক ৷ পিঠিত ৫০ কেজি চাউলৰ বেগলৈ বন্যাৰ্তক সহায়ৰ বাবে নামি পৰা বিধায়কগৰাকী হ'ল মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ নিজাববীয়াকৈ বানাক্ৰান্তৰ মাজত প্ৰদান কৰিলে বান সাহায্য ৷ ইফালে বানাক্ৰান্তক সহায়ৰ বাবে আগবাঢ়ি অহা বিধায়কগৰাকী নামি পৰিল বিধ্বস্ত পথ মেৰামতিত ৷ বানত খহি যোৱা বনগাঁও শালমৰা গড়কাপ্তানি পথৰ এটা অংশ আজিও মেৰামতি নোহোৱাত ক্ষোভ প্ৰকাশ কৰি বিধায়কগৰাকী নিজেই বৰ্তী হয় পথ মেৰামতিত ।