অসম

assam

Erosion in Majuli: খেৰকটীয়া নৈৰ তীব্ৰ গৰাখহনীয়াই ভাবুকি কঢ়িয়াইছে জেংৰাইমুখলৈ

ভয়ংকৰ গৰাখহনীয়াই ভাবুকি কঢ়িয়াইছে জেংৰাইমুখলৈ ৷ খেৰকটীয়া নৈৰ গৰাখহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে জেংৰাইমুখৰ ব্যৱসায়িক স্থানলৈ ৷

By

Published : Jul 21, 2023, 2:03 PM IST

Published : Jul 21, 2023, 2:03 PM IST

Massive Erosion at Jengraimukh in Majuli
খেৰকটীয়া নৈৰ তীব্ৰ গৰাখহনীয়া

গৰাখহনীয়াই ভাবুকি কঢ়িয়াইছে জেংৰাইমুখলৈ

মাজুলী, 21 জুলাই : জেংৰাইমুখত খেৰকটীয়া নৈৰ তীব্ৰ গৰাখহনীয়া ৷ ভয়ংকৰ গৰাখহনীয়াই ভাবুকি কঢ়িয়াইছে জেংৰাইমুখলৈ ৷ খহনীয়াত দিখণ্ডিত হোৱাৰ দিশে সত্ৰ নগৰী মাজুলী ৷

ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে মাজুলীৰ জেংৰাইমুখত খেৰকটীয়া নৈৰ ভয়াৱহ গৰাখহনীয়া ৷ খেৰকটীয়া নৈৰ গৰাখহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে জেংৰাইমুখৰ ব্যৱসায়িক স্থানলৈ ৷ এই খহনীয়া স্থানৰ পৰা জেংৰাইমুখ ব্যৱসায়িক স্থানলৈ মাত্ৰ 50 মিটাৰ বাকী ৷ অতি শীঘ্ৰেই যদি খেৰকটীয়া নৈৰ খহনীয়া প্ৰতিৰোধ কৰা নহয় তেন্তে নৈৰ পৰা 50 মিটাৰ কাষতে থকা জেংৰাইমুখ ব্যৱসায়িক স্থান মাজুলীৰ মানচিত্ৰৰ পৰা নোহোৱা হৈ যাব ৷

লগতে পঢ়ক :Jonai river island kabu chapori:জোনাইৰ নদীদ্বীপ কবু চাপৰিত পুনৰ প্ৰাণ পাই উঠিছে প্ৰকৃতিকূলে

যোৱা 8 জুলাই তাৰিখে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই খেৰকটীয়া নৈৰ এই খহনীয়াগ্ৰস্ত স্থান পৰিদৰ্শন কৰিছিল ৷ স্থানীয় দল-সংগঠন, স্থানীয় ৰাইজে চৰকাৰ-প্ৰশাসনক খহনীয়া প্ৰতিৰোধৰ বাবে বাৰম্বাৰ দাবী কৰাৰ পাছতো স্থায়ী সুৰক্ষাৰ কাম কৰাত ব্যৰ্থ হৈছে মাজুলীৰ জলসম্পদ বিভাগ ৷ জেংৰাইমুখৰ স্থানীয় ৰাইজে কয় যে, চৰকাৰে এই খহনীয়া ৰোধৰ বাবে যি দৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেইদৰে ব্যবস্থা গ্ৰহণ কৰা নাই ৷ আজিৰ এই প্ৰযুক্তিবিদ্যাৰ দিনটো গছৰ ডাল-পাত দি খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিছে জলসম্পদ বিভাগে ৷

মাজুলীৰ স্থানীয় ৰাইজৰ দাবী, অতি শীঘ্ৰেই চৰকাৰে খেৰকটীয়া নৈৰ এই খহনীয়া ৰোধৰ বাবে ব্যবস্থা গ্ৰহণ কৰক অন্যথা জেংৰাইমুখৰ ব্যৱসায়িক স্থান মাজুলীৰ মানচিত্ৰৰ পৰা ভৱিষ্যতে নোহোৱা হৈ যাব ৷

উল্লেখযোগ্য যে, বাৰিষাৰ সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত খহনীয়াই কাল ৰূপ লোৱা দেখা যায় ৷ চৰকাৰ তথা বিভাগে সময়মতে খহনীয়া প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত বিভিন্ন নদী-উপনদীয়ে সৃষ্টি কৰা এই খহনীয়াত সৰ্বসাধাৰণ ৰাইজৰ ঘৰ-বাৰীৰ লগতে জাহ যায় শ শ বিঘা কৃষি ভূমি ৷

লগতে পঢ়ক :Flood in Manikpur : শ শ বিঘা ধানখেতি বালিত পোত যোৱাত কৃষকৰ হাহাকাৰ

ABOUT THE AUTHOR

...view details