মাজুলী,১৭ জুলাই:মঙলবাৰে নিশা ১২০টা হাতীৰ এটা বৃহৎ জাকৰ পৰা ৩টা হাতী খাদ্যৰ সন্ধানত মাজুলীৰ নৈ পৰীয়া বানাক্ৰান্ত অঞ্চলত প্ৰৱেশ কৰে। প্ৰথমে বামুনগাঁও,আলিমূৰ গৰুখুটি,পোহাৰদিয়া হৈ হাতী কেইটা মাজুলীৰ দক্ষিণপাট কুমাৰ গাঁৱত প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে।
এফালে বানৰ বিভীষিকা,আনফালে বন্যহস্তীৰ সন্ত্ৰাস - বান
মাজুলীত প্ৰলয়ংকৰী বানত খাদ্যৰ সন্ধানত জনাঞ্চললৈ উলাই অহা বন্যহস্তীৰ সন্ত্ৰাস
এফালে বানৰ বিভীষিকা ,আনফালে বন্যহস্তীৰ সন্ত্ৰাস
ইয়াৰ পাচতে গাঁওখনত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু সকলো গাঁওবাসীয়ে নিজৰ প্ৰাণৰ মমতাত ইফালে-সিফালে দৌৰিবলৈ ধৰে। তেনে সময়তে ৰুনু কলিতা নামৰ এগৰাকী মহিলাৰ হাতীৰ গছকত মৃত্যু হোৱাৰ লগতে মাধান কলিতা,নৃপেন কলিতা আৰু আন এগৰাকী মহিলা আহত হয়। ইপিনে এনে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হোৱাত বাৰম্বাৰ বন বিভাগক খবৰ দিয়াৰ পাচতো ঘটনাস্থলীত বন বিভাগৰ কৰ্মী উপস্থিত নোহোৱাৰ অভিযোগ দিয়ে গাঁওবাসীয়ে ।