মাজুলী, 13 জানুৱাৰী: পদূলিমুখত হেপাঁহৰ ভোগালী ৷ অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুটিক আদৰিবলৈ সাজু অসমবাসী ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভোগালী বিহুক লৈ ব্যাপক উছাহ-উদ্দীপনা পৰিলক্ষিত হৈছে ৷ মাজত মাথোঁ কেইটামান দিন (Bhogali bihu celebration in Assam)। এই বাপতি সাহোন বিহুটিক লৈ উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে সমগ্ৰ ৰাজ্যতে ।
এই বাপতি সাহোন ভোগালী বিহুটিক আদৰিবলৈ সাজু হৈছে সমগ্ৰ ৰাজ্যবাসী । আটকধুনীয়া, ব্যতিক্ৰমী মেজি,ভেলাঘৰেৰে ভৰি পৰিছে গাওঁৰ সমান্তৰালভাৱে চহৰ-মহানগৰৰো চোতাল-পথাৰ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বানে গৰকা মাজুলীটো দেখিবলৈ পোৱা গৈছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি (Majuli people ready to welcome Bhogali Bihu) ৷
পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিত অসমীয়াবাসীয়ে পালন কৰি অহা ভোগৰ উৎসৱ ভোগালী বিহুক লৈ মাজুলীত এতিয়া চলিছে ব্যাপক প্ৰস্তুতি ৷ ঘৰে-ঘৰে ঢেঁকীৰ চাব বৃদ্ধি পায় হৈ অহাৰ লগতে মেজি, ভেলাঘৰো নিৰ্মাণ কৰা হৈছে সত্ৰ নগৰী মাজুলীত । সমগ্ৰ ৰাজ্যৰ লগতে মাজুলী জিলাৰ বিভিন্ন প্ৰান্তত হেঁপাহৰ ভোগালীটিত লগে-ভাগে এসাঁজ খোৱাৰ উদ্দেশ্যৰে নিৰ্মাণ কৰা হৈছে ভেলাঘৰ ।
সত্ৰ নগৰী মাজুলীৰ নিকিনিখোৱাবাসী ৰাইজে ভোগালী উপলক্ষে নিৰেমাণ কৰা ভেলাঘৰটোৱে বহু লোকৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে ৷ মাজুলীৰ নিকিনিখোৱাত মাজুলীৰ দুই লক্ষ জনতাৰ সপোনৰ যোৰহাট - মাজুলী সংযোগী দলঙৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এই ভেলাঘৰটো । যোৰহাট -মাজুলী সংযোগী দলঙৰ আৰ্হিত নিৰ্মাণ কৰা ভেলাঘৰটো নিৰ্মাণত গাঁওখনৰ পুৰুষ-মহিলা উভয়ে শ্ৰম দান কৰা পৰিলক্ষিত হৈছে ৷