মাজুলী, 29 এপ্ৰিল :মাজুলী গোৱালগাঁৱৰ বিপুল বৰুৱা নামৰ লোকজনৰ ঘৰত এজন ইছলাম ধৰ্মী লোকক ইফটাৰ কৰোৱা ঘটনাই এতিয়াও ছ'চিয়েল মেডিয়াত তীব্ৰ বিৰ্তক চলি আছে । এখন চেলেং চাদৰ মাটিত পাৰি দি তাতেই ইফটাৰৰ যাৱতীয় সামগ্ৰীসমূহ দিছিল বৰুৱা পৰিয়ালে ৷ বৈষ্ণৱ সকলৰ ত্ৰিবস্ত্ৰৰ ভিতৰত চেলেং খন সজ বস্ত্ৰ অৰ্থাৎ মূলবস্ত্ৰ ৷ সেই চেলেঙখন হিন্দু ধৰ্মৰ বৈষ্ণৱ মাৰ্গৰ ভকত-বৈষ্ণৱে নাম প্ৰসংগৰ লগতে ধৰ্মীয় কাৰ্যত ব্যৱহাৰ কৰে ৷ কিন্তু এতিয়া সেই চেলেং খনক লৈ হোৱা বিৰ্তকই চৰম সীমা পাইছেগৈ ।
ঘটনা অনুসৰি ৰমজানৰ সময়ত মাজুলীত আৱদ্ধ হৈ থকা এজন ইছলামধৰ্মী লোকক মাজুলীৰ গোৱালগাঁৱৰ বিপুল বৰুৱা নামৰ হিন্দু পৰিয়ালে নীতি-নিয়মৰ মাজেৰে ইফটাৰৰ খাদ্য প্ৰদান কৰিছিল । লক্ ডাউনৰ বাবে আৱদ্ধ হৈ থকা মিস্ত্ৰী হিচাপে নিয়োজিত ধুবুৰী জিলাৰ বিলাসীপাৰাৰ জেহেৰুলক আপ্যায়নৰ ভিডিঅ' ছ'ছিয়েল মিডিয়াত আপলোড হৈছিল । তাৰ পাচতেই একাংশই প্ৰসংশা কৰাৰ লগতে একাংশই বিতৰ্কমূলক প্ৰতিক্ৰিয়া আৰম্ভ কৰিছিল চেলেং খনৰ ওপৰত ভৰি দিয়াৰ বাবে । পৰিয়ালটো এতিয়া ইমানেই কটু আৰু অসাংবিধানিক শব্দৰ সন্মুখীন হৈ যে, ২৭ তাৰিখৰ পৰা খোৱা লোৱা এৰি দিছে তেওঁলোকে ।