মাজুলী,১৮ ফেব্ৰুৱাৰী:দীৰ্ঘদিনীয়া প্ৰতিবাদ আৰু সংগ্ৰামৰ ফলত অৱশেষত মাজুলীবাসীৰ মুখত হাঁহি বিৰিঙিছে । বহু প্ৰত্যাশিত আৰু ঐতিহাসিক দলং নিৰ্মাণ হ’বলৈ গৈ আছে মাজুলীবাসীৰ বাবে । মাজুলীবাসীৰ যন্ত্ৰণা উপলব্ধি কৰি অৱশেষত চৰকাৰে মাজুলী আৰু যোৰহাট সংযোগী দলং নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিলে । কেৱল সিদ্ধান্ত গ্ৰহণ কৰাই নহয়,শীঘ্ৰে কাম আৰম্ভ হ'ব নিমাতীঘাট আৰু মাজুলী সংযোগী দলঙৰ ।
ভূমি পূজন সম্পন্ন মাজুলী-যোৰহাট সংযোগী দলঙৰ
দীৰ্ঘদিনীয়া প্ৰতিবাদ আৰু সংগ্ৰামৰ ফলত অৱশেষত কাম আৰম্ভ হোৱাৰ দিশে মাজুলী-যোৰহাট সংযোগী দলঙৰ । বৃহস্পতিবাৰে দলঙৰ ভূমি পূজন সম্পন্ন কৰিলে মাজুলীৰ বিধায়ক তথা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
ভূমি পূজন সম্পন্ন মাজুলী-যোৰহাট সংযোগী দলঙৰ
বৃহস্পতিবাৰে দলঙৰ ভূমি পূজন সম্পন্ন কৰিলে মাজুলীৰ বিধায়ক তথা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । অফলামুখ ঘাটৰ সমীপৰ দক্ষিণপাটত ভূমি পূজন কৰি কাৰিকৰী কামৰো শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে । কাৰ্যসূচীত অসম চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী তথা শীৰ্ষ নেতা উপস্থিত থাকে । দলঙৰ ভূমি পূজন সম্পন্ন হোৱাৰ লগে লগে এতিয়া উৎফুল্লিত সমগ্ৰ মাজুলীৰ ৰাইজ ।