অসম

assam

By

Published : Sep 28, 2020, 3:50 PM IST

ETV Bharat / state

492 বছৰীয়া বকুল বৃক্ষৰ মহাপ্ৰয়াণত ভোগপুৰ সত্রত শোকৰ ছাঁ

492 বছৰীয়া বকুলৰ মহাপ্ৰয়ানত শোকৰ ছাঁ পৰিছে মাজুলীৰ ভোগপুৰ সত্ৰত । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৃত হস্তেৰে ৰোপন কৰিছিল এইজোপা বকুল বৃক্ষ। । বহু ইতিহাসৰ সাক্ষী মাজুলী ভোগপুৰ সত্ৰৰ এই বকুল বৃক্ষজোপা ৷

Majuli Bhogpur Satra's Bakul Tree
বকুল বৃক্ষৰ মহাপ্ৰয়াণত ভোগপুৰ সত্রত শোকৰ ছাঁ

মাজুলী, 28 ছেপ্তেম্বৰ: হঠাৎ মৰ্মাহত হৈ পৰিছে মাজুলীৰ ঐতিহাসিক ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ আৰু ভকত বৈষ্ণৱসকল ৷ সত্ৰখনৰ এক স্বৰ্ণিল ইতিহাসৰ মহাপ্ৰয়াণ হোৱাত শোক প্ৰকাশ কৰিছে ভকত বৈষ্ণৱসকলে ৷ 1528 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠিত এই সত্ৰখনত শংকৰদেৱৰ অমৃত হস্তেৰে দুজোপা বকুল বৃক্ষ ৰোপন কৰা হৈছিল বুলি সত্ৰৰ ইতিহাসত সন্নিবিষ্ট হৈ আছে ৷

কিন্তু হঠাতে মহাপ্ৰয়াণ হ’ল গছ দুজোপাৰ এজোপা বকুল গছ ৷ সত্ৰৰ ইতিহাসৰ সৈতে জড়িত এই বকুল দুজোপা ৷ সত্ৰৰ 14 গৰাকী সত্ৰাধিকাৰে বকুলৰ মালা ধাৰণ কৰাৰ লগতে বহুকেইজন সত্ৰৰ বৰগায়ন, বৰবায়ন আৰু বুঢ়াভকতেও মালা পৰিধান কৰিছিল ।

বকুল বৃক্ষৰ মহাপ্ৰয়াণত ভোগপুৰ সত্রত শোকৰ ছাঁ

মহাপুৰুষ শংকৰদেৱে প্ৰতিষ্ঠা কৰা ভোগপুৰ সত্ৰৰ বহু ইতিহাসৰ সাক্ষী এই বকুল দুজোপাই সত্ৰৰ শোভা বঢ়াইছিল ৷ ভকতসকলে সত্ৰৰ আটাইতকৈ জ্যেষ্ঠজন বুলি জ্ঞান কৰি বকুল দুজোপাক সেৱা কৰি সত্ৰৰ ভিতৰত প্ৰৱেশ কৰিছিল ৷

লগতে পঢ়ক:কাৰ্বি আংলঙত 25 কোটি টকাৰ নিষিদ্ধ হেৰ'ইন জব্দ

ABOUT THE AUTHOR

...view details