অসম

assam

ETV Bharat / state

শ্বহীদ চেম ষ্টেফৰ্ডৰ পৰিয়ালে অনা অভিযোগ সন্দৰ্ভত লুৰীণৰ বাৰ্তা - sam stafford news

‘কা’ আন্দোলনৰ সময়ত শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰা ছেম ষ্টেফৰ্ডে আজিও নাপালে শ্বহীদৰ মৰ্যদা (Sam Stafford death case) ৷ ছেম ষ্টেফৰ্ডৰ মৃত্যুৰ এবছৰৰ পিছত পৰিয়ালে অসম জাতীয় পৰিষদক লৈ কৰা মন্তব্যক লৈ মুখ খুলিছে লুৰীণ জ্যোতি গগৈয়ে ৷ এইক্ষেত্ৰত লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া জানো আহক...

Lurin Jyoti gogoi on allegations by martyr Sam Stafford's family
শ্বহীদ চেম ষ্টেফৰ্ডৰ পৰিয়ালে অনা অভিযোগ সন্দৰ্ভত লুৰীণৰ বাৰ্তা

By

Published : Dec 18, 2021, 10:47 PM IST

মাজুলী, 18 ডিচেম্বৰ : অসমৰ ইতিহাসত কা’ আন্দোলনে সদায় এক সুকীয়া স্থান দখল কৰি থাকিব ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ব্ৰহ্মপুত্ৰ আৰু বৰাক দুই উপত্যকাতে সজোৰে হোৱা আন্দোলনত অসমৰ ৰাইজে হেৰুৱাইছিল পাঁচজনকৈ লোকক ৷

কা’ আন্দোলনৰ এবছৰ উকলি গ’ল; কিন্তু ভুক্তভোগী পৰিয়ালে আজিও নাপালে ন্যায় ৷ কা’ আন্দোলনতে প্ৰাণ হেৰুওৱা চেম ষ্টেফৰ্ডৰ পৰিয়ালে শেহতীয়াকৈ ক্ষোভ উজাৰিছিল আন্দোলনৰ পটভূমিত জন্ম হোৱা অসম জাতীয় পৰিষদৰ বিৰুদ্ধে ৷ বিশেষকৈ চেমৰ মৃত্যুকলৈ চলি থকা গোচৰৰ দায়িত্ব লৈ পিছলৈ দলটোৱে গা এৰা দিয়া বুলি মন্তব্য কৰিছিল চেমৰ ভিনিহিয়েক গৰাকীয়ে ৷ সম্প্ৰতি তেওঁলোকৰ এই ভাষ্য একেসাৰেই নসাৎ কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমানৰ অসম জাতীয় পৰিষদৰ প্ৰতিস্থাপক সভাপতি লুৰীণ জ্যোতি গগৈয়ে (Lurin on allegations made by martyr Sam's family ) ৷

শ্বহীদ চেম ষ্টেফৰ্ডৰ পৰিয়ালে অনা অভিযোগ সন্দৰ্ভত লুৰীণৰ বাৰ্তা

তেওঁ কয় যে, সদৌ অসম ছাত্ৰ সন্থাৰ দায়িত্বত থকা কালতে চেম ষ্টেফৰ্ডৰ মাতৃৰ অসুখৰ সময়ত চিকিৎসাৰ বাবে সংগঠনৰ ফালৰ পৰা সহায়-সহযোগিতা আগবঢ়োৱা হৈছিল ৷ কিন্তু তেওঁ সংগঠন ত্যাগ কৰি ৰাজনৈতিক দলৰ জৰিয়তে আত্মপ্ৰকাশ কৰাৰ পিছত চেমৰ মৃত্যু সন্দৰ্ভত একো পদক্ষেপ হাতত নোলোৱা বুলি কৰা সমালোচনা ভিত্তিহীন ৷

চেম ষ্টেফৰ্ডৰ মৃত্যুৰ এমাহৰ ভিতৰত পৰিয়ালে মানৱ অধিকাৰ আয়োগত গোচৰ ৰুজু কৰিছিল(Sam Stafford's death case ) ৷ উকীল সহিতে ৰুজু কৰা এই গোচৰৰ পিছত পুনৰাই আকৌ কোনো দল-সংগঠনে তেওঁৰ হৈ উকীল ধৰাৰ প্ৰশ্নই উত্থাপন নহয় বুলিও তেওঁ মন্তব্য কৰে ৷ কা’ আন্দোলনত প্ৰাণ হেৰুওৱা পাঁচোজনৰে প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তেওঁ লগতে কয় যে, ‘কোনে কাক সহায় কৰিছে বা কোনে তেওঁলোকৰ হৈ ন্যায় বিচাৰিছে এই বিষয়ে প্ৰশ্ন চৰকাৰক কৰিব লাগে, যিয়ে তেওঁলোকক হত্যা কৰিছে সেই সকলক প্ৰশ্ন কৰিব লাগে ।’

লগতে পঢ়ক:ভাষা থাকিলেহে জাতি থাকিব : এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈ

ABOUT THE AUTHOR

...view details