অসম

assam

By

Published : Sep 22, 2019, 5:06 AM IST

ETV Bharat / state

বিৰ্তকই লগ এৰা নাই সত্ৰ নগৰী মাজুলী, হিন্দু যুৱ ছাত্ৰ পৰিষদৰ প্ৰেছ বিবৃতি

মাজুলী খ্ৰীষ্টান ঐক্য মঞ্চৰ স্বয়ম্ভু নেতা প্ৰশান্ত পায়েঙে মাজুলীত বসবাস কৰা অসমীয়া হোজা লোক সকলক বিভিন্ন প্ৰলোভন দি খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰ কৰাৰ গুৰুতৰ অভিযোগ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ ৷

বিৰ্তকই লগ এৰা নাই সত্ৰ নগৰী মাজুলী, হিন্দু যুৱ ছাত্ৰ পৰিষদৰ প্ৰেছ বিবৃতি

কোকৰাঝাৰ, 22 ছেপ্টেম্বৰঃ সত্ৰ নগৰী মাজুলীত হিন্দু ধৰ্মৰ ওপৰত একাংশ ধৰ্মান্ধই চলাইছে সন্ত্ৰাস ৷ সত্ৰৰ ভূমি দখল আৰু অবাধ গতিত গীৰ্জা প্ৰতিষ্ঠা কৰি শংকৰী আৰু বৈষ্ণৱ ধৰ্মৰ প্ৰতি সৃষ্টি কৰিছে ভাবুকি ৷ এই অভিযোগ হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসমৰ ৷ শনিবাৰে সংগঠনটোৱে প্ৰেছ বিবৃতি যোগে এই কথা প্ৰকাশ কৰি কয় যে, মাজুলী খ্ৰীষ্টান ঐক্য মঞ্চৰ স্বয়ম্ভু নেতা প্ৰশান্ত পায়েঙে মাজুলীত বসবাস কৰা অসমীয়া হোজা লোক সকলক বিভিন্ন প্ৰলোভন দি খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰ কৰিছে ৷ ইয়াৰোপৰি চৰকাৰী ভূমি দখল কৰি গীৰ্জা আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন কৰিছে ৷ লগতে মাজুলীৰ সত্ৰাধিকাৰৰ বিৰুদ্ধে বিনা কাৰণত অভিযোগ আনি সত্ৰাধিকাৰৰ লগতে সমগ্ৰ মাজুলীবাসীৰ ওপৰতো ধৰ্মীয় সন্ত্ৰাস নমাই আনিছে বুলি অভিযোগ কৰে সংগঠনটোৰ নেতৃবৃন্দই ৷ সেয়ে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কোকৰাঝাৰ জিলা সমিতিয়ে প্ৰশান্ত পায়েঙৰ বিৰুদ্ধে আইনী গোচৰ ৰুজু কৰাৰ লগতে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈও আহ্বান জনাইছে ৷

ABOUT THE AUTHOR

...view details