মাজুলী,১১ ডিচেম্বৰ:মুখ্যমন্ত্ৰী ড৽ হিমন্ত বিশ্ব শৰ্মাই যোৱা ২০২১ চনৰ ২৯ নৱেম্বৰত দক্ষিণ পাটত যোৰহাট মাজুলী সংযোগী দলং নিৰ্মাণৰ কাম শুভাৰম্ভ কৰি মাজুলীক বহিঃ বিশ্বৰ লগত সংযোগ কৰাৰ ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছিল(Jorhat Majuli connecting bridge) । মাজুলীৰ যোগাযোগ ব্যৱস্থাত যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচিত হোৱা উক্ত যোৰহাট মাজুলী সংযোগী দলং নিৰ্মাণ হৈ থকা সময়তে মাজুলীৰ উত্তৰ দিশৰ দুৱাৰ মুকলি হোৱাৰ পথো প্ৰশস্ত হৈ পৰিছে(New bridge in Majuli) ।
মুখ্যমন্ত্ৰী ড৽ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপত নামনি মাজুলীৰ চেলেক গাঁৱত আৰু লখিমপুৰ জিলাৰ ধূনাগুৰিত দুখন দলং নিৰ্মাণ কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে(CM Himanata Biswa Sarmah) । দেওবাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে নামনি মাজুলীৰ চেলেক ঘাটত ভূমি পূজনেৰে মাজুলী লখিমপুৰ সংযোগী দুখন পকী দলং নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰিব(Majuli Lakhimpur connecting bridge) । অসমমালা আঁচনিৰ অধীনত প্ৰায় ৭২৫ কোটি টকাৰে উক্ত দলং দুখন নিৰ্মাণ কৰা হ'ব(CM to inaugurate construction of bridge in Majuli) ।