মাজুলী, 9 আগষ্ট :সমাগত উপ নিৰ্বাচন ৷ উপ নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যত বলিবলৈ আৰম্ভ কৰিছে নিৰ্বাচনৰ মৃদু বতাহ ৷ বাদ পৰি ৰোৱা নাই মাজুলী ৷ উপ নিৰ্বাচনক কেন্দ্ৰ কৰি মাজুলীত আৰম্ভ হৈছে নিৰ্বাচনী কুচ-কাৱাজ ৷ উপ নিৰ্বাচনৰ পূৰ্বে মাজুলীত উপস্থিত হৈছে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতা বিকাশ উপাধ্যায় ৷
উল্লেখ্য যে, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰীসভাত যোগদান কৰাৰ পাচতে মাজুলীক লৈ উপ নিৰ্বাচনৰ বাবে শাসক-বিৰোধীৰ বিশেষ তৎপৰতা পৰিলক্ষিত হৈছে । সময়ে সময়ে ৰাজ্য তথা কেন্দ্ৰীয় ৰাজনীতিৰ বহু উচ্চ পৰ্যায়ৰ নেতাই মাজুলীত ভীৰ কৰা দেখা গৈছে । দেওবাৰে মাজুলীত উপস্থিত হয় ছত্তিশগড় চৰকাৰৰ সাংসদীয় সচিব তথা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক বিকাশ উপাধ্যায় ।