মাজুলী, 26 মাৰ্চঃনদীদ্বীপ মাজুলীৰ সুৰক্ষাৰ নামত টি কে ইঞ্জিনিয়াৰিং প্ৰতিষ্ঠানৰ লুন্ঠনৰাজৰ অভিযোগ ৷ মাজুলীৰ সুৰক্ষাৰ বাবে বিগত 16 মাহত জিঅ' বেগেৰে বেংক ৰিবেডমেন্টৰ কামৰ 50 শতাংশও কাম নকৰিলে প্ৰতিষ্ঠানটোৱে ৷ যাৰ ফলত বাৰিষা চমু চাপি অহাৰ লগে লগে আপোন ঘৰখন হেৰুৱাৰ আশংকাত শংকিত হৈ পৰিছে জিলাখনৰ নৈ পৰীয়া ৰাইজ ৷ ব্ৰহ্মপুত্ৰ ব'ৰ্ড নামৰ কেন্দ্ৰীয় সংস্থাটোৱে 18 মাহৰ পূৰ্বে 238 কোটি টকাৰে ব্ৰহ্মপুত্ৰৰ গতিপথত 27 কি. মি. জিঅ' বেগেৰে বেংক ৰিবেডমেন্ট আৰু 42 খন আৰ চি চি পাৰ্কিউপাইনৰ এক অভিলাষী আঁচনিৰে টি কে ইঞ্জিনিয়াৰিং প্ৰতিষ্ঠানৰ যোগেদি মাজুলী স্থায়ী সুৰক্ষাৰ বাবে আৰম্ভ কৰিছিল কাম ৷
মাজুলীৰ স্থায়ী সুৰক্ষাৰ নামত লুন্ঠনৰাজ! - মাজুলী
বিগত 16 মাহে মাজুলী সুৰক্ষাৰ 50 শতাংশও কাম নকৰিলে টি কে ইঞ্জিনিয়াৰিং প্ৰতিষ্ঠানে
টি কে ইঞ্জিনিয়াৰিং প্ৰতিষ্ঠানৰ মইমতালি
উল্লেখ্য যে, সময়মতে প্ৰতিষ্ঠানটোৱে কাম নকৰাত 20 দিনৰ পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিষ্ঠানটোৰ বিষয়ববীয়াৰ লগত বৈঠকত মিলিত হৈ বিষয়ববীয়াসকলক অতিশীঘ্ৰে কাম সমাপ্ত কৰিবলৈ ধমক দিছিল যদিও তাৰ পাচতো কোনো গা নলৰিল প্ৰতিষ্ঠানটোৰ কৰ্মকৰ্তাৰ ৷