অসম

assam

ETV Bharat / state

মাজুলীত ভয়ংকৰ নাও দুৰ্ঘটনা : তিনি বিষয়াক নিলম্বন

By

Published : Sep 8, 2021, 5:09 PM IST

Updated : Sep 8, 2021, 8:53 PM IST

মাজুলীত ভয়ংকৰ নাও দুৰ্ঘটনা
মাজুলীত ভয়ংকৰ নাও দুৰ্ঘটনা

17:06 September 08

নিমাতীঘাটত সংঘটিত শোকাৱহ ফেৰী দুৰ্ঘটনাৰ পাচতে তিনি বিষয়াক নিলম্বন ৷ আভ্যন্তৰীণ জল পৰিৱহন বিভাগৰ তিনি বিষয়াক কৰা হৈছে নিলম্বন ৷

মাজুলীত ভয়ংকৰ নাও দুৰ্ঘটনা

নিউজ ডেস্ক, 8 ছেপ্তেম্বৰ :নিমাতীঘাটত ভয়ংকৰ নাও দুৰ্ঘটনাৰ পাচতে নিলম্বন আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ তিনি বিষয়াক ৷ নিলম্বন কৰা হ’ল কাৰ্যবাহী অভিযন্তা বিক্ৰমাদিত্য চৌধুৰী (IWT dibrugarh division), সহকাৰী কাৰ্যবাহী অভিযন্তা মুকুত গগৈ (IWT jorhat sub division), কণিষ্ঠ অভিযন্তা ৰাতুল তামুলী (IWT Jorhat sub division) ৷

উল্লেখ্য যে, দুখন নাৱে মুখামুখিকৈ খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাতো সংঘটিত হয় ৷ মাজুলীৰ পৰা এখন নাও নিমাতীঘাটলৈ গৈ থকাৰ বিপৰীতে আনখন নাও মাজুলীৰ পৰা নিমাতীঘাট অভিমুখে আহি আছিল ৷ ঘটনাস্থলীত NDRF আৰু SDRF বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ উদ্ধাৰ কাৰ্যত সহায় কৰিছে স্থানীয় লোকে ৷ এই মূহুৰ্তলৈকে এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ তদুপৰি 7 টা শিশু আৰু প্ৰায় 60 গৰাকী লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে ৷

উল্লেখ্য যে, প্ৰায় দুবছৰ পূৰ্বে শিক্ষক দিৱসৰ দিনটোত উত্তৰ গুৱাহাটীৰ সমীপৱৰ্তী ভৰা লুইতৰ বুকুত সংঘটিত হৈছিল অন্য এক নাও দুৰ্ঘটনা ৷ জাইকাৰ প্ৰকল্পৰ সমীপত সংঘটিত দুৰ্ঘটনাটোত অংকিতা বৰুৱা নামৰ এগৰাকী ছাত্ৰীৰ মৃত্যু ঘটিছিল ৷ 

লগতে চাওক: লুইতৰ বুকুত ভয়ংকৰ নাও দুৰ্ঘটনা; সন্ধানহীন বহুলোক

Last Updated : Sep 8, 2021, 8:53 PM IST

ABOUT THE AUTHOR

...view details