অসম

assam

ETV Bharat / state

মাজুলীত ভোগালীক আদৰাৰ প্ৰস্তুতি ভকত-বৈষ্ণৱৰ - ভকত বৈষ্ণৱ

সন্মুখত ভোগালী বিহু ৷ মাজুলীৰ উদাসীন সত্ৰসমূহত উড়ালৰ গুমগুমনি । ভোগালীক আদৰাৰ প্ৰস্তুতি চলিছে ভকত-বৈষ্ণৱৰ মাজত ।

bhogali bihu preparation
মাজুলীত ভোগালী বিহুৰ প্ৰস্তুতি

By

Published : Jan 10, 2021, 12:41 PM IST

মাজুলী,10 জানুৱাৰী : অসমীয়াৰ বাপতিসাহোন ভোগালী বিহুলৈ মাজত মাত্ৰ দুটা দিন বাকী ৷ ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ লগতে সত্ৰনগৰী মাজুলীতো ভোগালীক আদৰাৰ বাবে প্ৰস্তুতি চলাইছে ভকত-বৈষ্ণৱসকলে ৷

মাজুলীৰ গাঁৱে-ভূঞে তথা সত্ৰ সকলোতে ভোগালীৰ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে ৷ উদাসীন সত্ৰসমূহতো বৈষ্ণৱসকলে পৰম্পৰা ঐতিহ্য ৰক্ষা কৰি সত্ৰৰ স্থাপন হোৱাৰে পৰা পালন কৰি আহিছে ভোগালী বিহু । ঐক্য-সম্প্ৰীতিৰ এনাজৰী গঢ়ি অসূয়া-অপ্ৰীতি বিনাশৰ লগতে সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ অৰ্থে আধ্যাত্মিক আৰু ধৰ্মীয় ৰীতি-নীতিৰে ভোগালী বিহুৰ প্ৰস্তুতি আৰম্ভ হৈছে 6 খনকৈ উদাসীন সত্ৰত ।

মাজুলীত ভোগালী বিহুৰ প্ৰস্তুতি

উল্লেখ্য যে, ঐতিহাসিক আউনীআটী সত্ৰ, উত্তৰ কমলাবাৰী সত্ৰ, নতুন কমলাবাৰী সত্ৰ, মধ্য কমলাবাৰী , ভোগপুৰ সত্ৰ, দক্ষিনপাট আদি সত্ৰত প্ৰায় 8 শতাধিক বৈষ্ণৱ আছে । উৰুকাৰ নিশা গাঁৱে-ভূঞে ভেলাঘৰ সাজি ভোজ-ভাত খোৱাৰ বাবে সকলোৱে প্ৰস্তুতি চলোৱাৰ বিপৰীতে উদাসীন বৈষ্ণৱসকলে নিৰ্দিষ্ট এক গণ্ডিৰ মাজত ধৰ্মীয় পৰম্পৰা ৰীতি-নীতিৰে বিহু পালন কৰে ।

গৃহস্থী পৰিয়ালৰ দৰেই ঢেকীৰ পৰিৱৰ্তে উড়ালত চিৰা, পিঠা খুন্দি অতিথি আপ্যায়ন কৰিবলৈ ব্যাপক আয়োজন কৰিছে ভকত-বৈষ্ণৱসকলে ।

লগতে পঢ়ক :কৰ’ণা ভাইৰাছৰ আৰ্হিৰে নিৰ্মিত এটি ব্যতিক্ৰমী ভেলাঘৰ

ABOUT THE AUTHOR

...view details