অসম

assam

By

Published : Jun 5, 2021, 1:48 PM IST

ETV Bharat / state

মাজুলীত ধুমুহাত ক্ষতিগ্ৰস্ত লোকসকলৰ কাষত টীম মাজুলী

বাৰিষাৰ আগমনৰ লগে লগে ৰাজ্যত এতিয়া বিধ্বংসী ধুমুহাৰ তাণ্ডৱ আৰম্ভ হৈছে ৷ ইয়াৰ লগে লগে ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যবাসী ৷ এনে সময়তে মাজুলীত শেহতীয়াকৈ হোৱা ধুমুহাত ক্ষতিগ্ৰস্ত লোকসকলৰ সহায় হৈ থিয় দিছে টীম মাজুলী নামৰ এটা সংস্থা ৷

an organisation called team majuli came forward to help storm victims
মাজুলীত ধুমুহাত ক্ষতিগ্ৰস্ত লোকসকলৰ কাষত টীম মাজুলী

মাজুলী,5 জুন: বিগত ২৬ মে' তাৰিখে বনগাঁও আৰক্ষী চকীৰ অন্তৰ্গত মাজুলী ধোঁৱাচলা গাঁৱত বিধ্বংসী ধুমুহাই ৰাইজৰ বিস্তৰ ক্ষয়-ক্ষতি সাধন কৰে । এই মৰ্মান্তিক ঘটনাৰ পাছতে টীম মাজুলী (team majuli ) নামৰ এটা সংস্থাই (organisation ) উক্ত গাঁও খনত উপস্থিত হৈ পৰিয়াল সমূহৰ ক্ষয়-ক্ষতিৰ বুজ লয় আৰু অত্যন্ত দৰিদ্ৰ ১১ টা পৰিয়ালৰ ঘৰ সমূহ পুনৰ নিৰ্মাণৰ বাবে এক বান্দিলকৈ প্ৰতি ঘৰত টিনপাত দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

সেই মৰ্মে শুকুৰবাৰে টীম মাজুলীৰ সদস্য সকলে উক্ত গাঁওখনৰ গাঁওবুঢ়াৰ ঘৰত উপস্থিত হৈ চৰকাৰ তথা জিলা প্ৰশাসনে বান্ধি দিয়া সকলো ক’ভিড বিধি ( COVID protocol) মানি টিনপাত বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰে । যিহেতু একে ঠাইত দহ জন ব্যক্তিৰ উপস্থিতিত বাধা আছে সেই বাবেই এজন এজনকৈ সকলো ব্যক্তিক প্ৰৱেশ কৰিবলৈ দি টিনপাত গ্ৰহণ কৰিবলৈ একোটাকৈ ৰচিদ দিয়া হয় ।

ইফালে, টীম মাজুলীয়ে নিৰ্দিষ্ট কৰি দিয়া দোকানৰ পৰা সম্পূৰ্ণ ক’ভিড বিধি মানি টিনপাত খিনি ক্ষতিগ্ৰস্ত লোক সকলে গ্ৰহণ কৰিব পাৰিব বুলিও সংস্থাটোৰ বিষয়ববীয়া সকলে জনায়। সমান্তৰাল ভাৱে, আন এখন গাঁও ৰাওনা গাঁওৰ এজন ব্যক্তিকো ধুমুহাত ক্ষতিগ্ৰস্ত হোৱাৰ বাবে ১০ চলা টিনপাত প্ৰদান কৰে অনুষ্ঠানটোৱে ।

টীম মাজুলীৰ এই কাৰ্যসূচীলৈ আৰ্থিক অৰিহণা আগবঢ়াই টীম মাজুলীৰ সদস্য বিতোপন দলে ( ভাইকন), পবিত্ৰ মেধি, মাজুলীৰ সমাজ সচেতন ব্যক্তি বেদান্ত বৰুৱা, লুকু হাজৰিকা আৰু দিগন্ত হাজৰিকাই । টীম মাজুলীয়ে তেওঁলোকক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি অনাগত দিনত সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰা বুলি টীম মাজুলীৰ মুখ্য আহ্বায়ক প্ৰনৱজ্যোতি কাশ্যপ বৰাই জানিবলৈ দিয়ে ।

ইয়াৰ লগতে, একেদিনাই টীম মাজুলীৰ অন্য এটা দলে গড়মূৰ সদৰৰ নিচেই সমীপৰ খোনাচুক গাঁৱত উপস্থিত হৈ এটি দৰিদ্ৰ পৰিয়ালত অলপ খাদ্য বস্তু যোগান ধৰে । সংস্থাটোৱে উক্ত গাঁও খনৰ ধুমুহাত ক্ষতি হোৱা বাকীবোৰ পৰিয়ালকো যথোপযুক্ত ক্ষতিপূৰণ (relief fund ) দি পৰিয়াল সমূহৰ ঘৰ বোৰ নিৰ্মাণত সহায় কৰে চৰকাৰ তথা জিলা প্ৰশাসনক অনুৰোধ জনাইছে ।

লগতে পঢ়ক:বৰপেটাৰোডত তেল চোৰ গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details