অসম

assam

ETV Bharat / state

মাজুলীত এমজিএনৰেগাৰ অধীনত হোৱা নিৰ্মাণৰ কামত গাফিলতি - ৰাৱনাপাৰ পঞ্চায়তৰ বৰবিলা বচাদলনী

মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰাৱনাপাৰ পঞ্চায়তৰ বৰবিলা বচাদলনীত এমজিএনৰেগাৰ অধীনত নিৰ্মাণ হোৱা প্লেটফৰ্মৰ কাম অতি নিম্নমানৰ হোৱাৰ অভিযোগ ৷ নিৰ্মাণৰ নামত আৱন্তিত সমুদায় ধন বিভাগীয় বিষয়া আৰু মধ্যভূগীয়ে মিলি আত্মসাত কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

allegations-of-looting-in-rpf-construction-under-mgnrega-in-majuli
মাজুলীত এমজিএনৰেগাৰ অধীনত হোৱা নিৰ্মাণৰ কামত গাফিলতি

By

Published : Jun 3, 2021, 7:32 AM IST

মাজুলী, 3 জুন : মাজুলীৰ এমজিএনৰেগাৰ অধীনত আৰপিএফ নিৰ্মাণত লুন্ঠনৰ অভিযোগ ৷ মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰাৱনাপাৰ পঞ্চায়তৰ বৰবিলা বচাদলনীত একাংশ বিভাগীয় বিষয়াই অতি নিম্নমানৰ কাম কৰি ৯,৯৯,৯১২ টকা লুণ্ঠনৰ অভিযোগ উত্থাপিত হৈছে ৷ ৰাইজে এই দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিলে থানালৈ মাতি নটাৰী কৰি চহী কৰাই মাত বন্ধ কৰাৰ অভিযোগ অঞ্চলবাসীৰ ।

২০১৯-২০ বৰ্ষত মাজুলী উন্নয়ন খণ্ডৰ অধীনৰ ৰাৱনাপাৰ গাঁও পঞ্চায়তৰ বৰবিলা বচাদলনীত স্থাপন কৰা এখন আৰপিএফৰ কামে সকলোৰে চকু কপালত তুলিছে । বৰবিলা বচাদলনীত নিৰ্মাণ কৰা প্লেটফৰ্মটো ২০ মিটাৰ দীঘল আৰু ১৫ মিটাৰ বহল, যাৰ নিৰ্মাণৰ মানদণ্ডও অতিকে নিম্নমানৰ । স্থানীয় ৰাইজে জনোৱা মতে, সামান্য পানীতে তলযোৱা এইটো প্লেটফৰ্মৰ নামত ট্ৰেক্টৰেৰে কেইগাড়ী মান মাটি পেলায়েই বিভাগীয় দায়িত্ব সামৰি ধন আত্মসাত কৰিছে বিষয়া তথা মধ্যভোগীয়ে । ওখ ভেটী নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰি জবকাৰ্ড শ্ৰমিকৰ নামত প্ৰায় ৯ লাখ টকা বিষয়া আৰু মধ্যভূগী মিলি উদৰস্থ কৰিলে বুলি অভিযোগ ৰাইজৰ ।

মাজুলীত এমজিএনৰেগাৰ অধীনত হোৱা নিৰ্মাণৰ কামত গাফিলতি

ইয়াৰ প্ৰতিবাদ কৰাত বৰবালি গাঁৱৰ গজেন শইকীয়া নামৰ ব্যক্তি গৰাকীক মতাই আনি বিভাগীয় অভিযন্তা আৰু এগৰাকী মধ্যভূগীয়ে মিলি ভয় ভিতি দেখুৱাই নটাৰি কৰি মাত নমতাৰ বাবে চহী কৰোৱাই লোৱা বুলি অভিযোগ তুলিছে ব্যক্তি গৰাকীয়ে । মাত্র ২/৩ লাখ টকাৰ মাটি পেলাই সমুদায় টকা সৰাধ কৰা বুলিও গাঁওবাসীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিভাগীয় বিষয়াৰ বিৰুদ্ধে ।

লগতে পঢ়ক : ক’ভিড পৰিস্থিতিত কেনে আছে গোলাঘাট-কাৰ্বি আংলং সীমান্তৱৰ্তী অঞ্চলবাসী ?

ABOUT THE AUTHOR

...view details