অসম

assam

ETV Bharat / state

গুৰুজনাৰ তিৰোভাৱ তিথিত দ্বিতীয় বৈকুণ্ঠপুৰী লৈ পৰিণত সত্ৰভূমি মাজুলী - গুৰুজনা

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 453 সংখ্যক তিৰোভাৱ তিথি । দ্বিতীয় বৈকুণ্ঠপুৰী লৈ পৰিণত হৈছে সত্ৰভূমি মাজুলী ৷ খোল তাল, বৰগীত, নাম-প্ৰসংগৰে মুখৰিত মাজুলীৰ আকাশ বতাহ ৷

গুৰুজনাৰ তিৰোভাৱ তিথিত দ্বিতীয় বৈকুণ্ঠ পুৰি লৈ পৰিণত হৈছে সত্ৰভূমি মাজুলী
গুৰুজনাৰ তিৰোভাৱ তিথিত দ্বিতীয় বৈকুণ্ঠ পুৰি লৈ পৰিণত হৈছে সত্ৰভূমি মাজুলী

By

Published : Sep 8, 2021, 8:06 PM IST

মাজুলী, 8 ছেপ্তেম্বৰ: ৰূপান্তৰৰ খনিকৰ জগতগৰু শ্ৰীমন্ত শংকৰদেৱৰ বুধবাৰে ৪৫৩ সংখ্যক তিৰোভাৱ তিথি । গুৰু তিথিত দ্বিতীয় বৈকুণ্ঠপুৰী লৈ পৰিণত হৈছে সত্ৰভূমি মাজুলী । গুৰু বন্দনাৰে মুখৰিত মাজুলী আকাশ বতাহ । মাজুলীৰ প্ৰতিখন সত্ৰ আৰু নামঘৰত পুৱাৰ পৰা নিশা দুপৰলৈ চাৰি নাম চৈধ্য প্ৰসংগ খোল-তাল আৰু বৰগীতৰ অমীয়া সুৰে মুখৰিত হৈ থাকিব ।

গুৰুজনাৰ তিৰোভাৱ তিথিত দ্বিতীয় বৈকুণ্ঠপুৰী লৈ পৰিণত হৈছে সত্ৰভূমি মাজুলী

সেই অনুসৰি মাজুলীৰ ভোগপুৰ, উত্তৰ কমলাবাৰী, নতুন কমলাবাৰী, সত্ৰত ৪ দিনীয়াকৈ মহাপুৰুষ জনাৰ কীৰ্তন হিচাপে উদযাপন কৰিছে । প্ৰথম দিনা চাউল ভোজনী থাপনি, আজি মূল তিথি ইয়াৰ পাছত কাইলৈ ভাঙনী । বুধবাৰে পুৱাৰ পৰা পুৱা গীত, নামঘোষা, কীৰ্তন ঘোষা আদিৰ পাছত গায়ন-বায়ন, বিহাৰ-নৃত্য, ওজাপালি, কীৰ্তনীয়া আদি পৰিবেশন হ’ব ।

উল্লেখযোগ্য যে, মহাপুৰুষ জনাৰ তিৰোভাৱ তিথি মাজুলীৰ ৩৩ খন সত্ৰ চাৰি শতাধিক নামঘৰত উদযাপন কৰা হৈছে । নামঘৰ সমূহ মুখৰিত হৈছে নাম প্ৰসংগৰে । দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰ্যবসিত হৈছে সত্ৰপীঠ মাজুলী । একেদৰে ঐতিহাসিক উত্তৰ কমলাবাৰী সত্ৰত শংকৰ গুৰুজনাৰ তিথি বিস্তৃত আড়ম্বৰপূৰ্ণ ভাৱে পালন কৰি আহিছে । কাৰ্যসূচী অনুসৰি চাৰিদিনীয়া চাউল ভোজনী, থাপনি মূল কীৰ্তন আৰু ভাঙনী ।

উল্লেখযোগ্য যে, কমলাবাৰী সত্ৰৰ গুৰু কীৰ্তন হ'ল সত্ৰৰ সমূদায় সংগীত সম্ভাৰক অক্ষুন্ন অবিছিন্ন ৰীতিৰে পৰিবেশন ধণ্য কৰি তোলাৰ এটি বছৰেকীয়া কাৰ্যক্ৰমনিকা । কিন্তু প্ৰতিবছৰৰ দৰে এই বৰ্ষত ভাওনা পৰিবেশন নহয় ক’ভিডৰ বাবে ।

লগতে পঢ়কঃলুইতৰ বুকুত ভয়ংকৰ নাও দুৰ্ঘটনা; সন্ধানহীন বহুলোক

ABOUT THE AUTHOR

...view details